গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল চলিত বৰ্ষৰ শেষ ভাগলৈ মুকলি হোৱাৰ সম্ভাৱনা আছে বুলি স্বাস্থ্য মন্ত্রী অশোক সিংহলে প্রকাশ কৰিছে। কলাক্ষেত্ৰত কালি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে।
অনুষ্ঠানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা- বতৰাত শ্ৰী সিংহলে কয়, যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ স্বাস্থ্যখণ্ডলৈ বৈপ্লৱিক পৰিৱৰ্তন আহিছে। তেওঁ কয়, যে যোৱা ১০ বছৰত ৰাজ্যত চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সংখ্যা ১৪ লৈ বৃদ্ধি পাইছে। অহা ৫ বছৰত পুনৰ ১০ খন চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মাণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
শ্রী সিংহলে কয়, যে দেশৰ ভিতৰতে অন্যতম হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালখনক অত্যাধুনিক ৰূপত নিৰ্মাণ কৰি থকা হৈছে। ৩ হাজাৰ বিচনাযুক্ত এই চিকিৎসালয়খন নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হোৱা বুলিও তেওঁ উল্লেখ কৰে। একাংশ চিকিৎসালয়ত চিকিৎসক নথকা বিষয়টো সন্দৰ্ভত মন্তব্য কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে প্ৰতিখন চিকিৎসালয়ত চিকিৎসক থকাটো নিশ্চিত কৰা হৈছে বুলি স্পষ্ট কৰি দিয়ে।