July 25, 2026 12:57 PM | Ashok singhal

printer

ৰাজ্যৰ গ্ৰামাঞ্চলত চিকিৎসা সেৱা অধিক শক্তিশালী কৰিবলৈ প্ৰতিটো স্বাস্থ্য উপ-কেন্দ্ৰত এগৰাকীকৈ এমবিবিএছ চিকিৎসক নিয়োগ কৰা হ’বঃ স্বাস্থ্যমন্ত্ৰী অশোক সিংহল

ৰাজ্যৰ গ্ৰামাঞ্চলত চিকিৎসা সেৱা অধিক শক্তিশালী কৰিবলৈ প্ৰতিটো স্বাস্থ্য উপ-কেন্দ্ৰত এগৰাকীকৈ এম বি বি এছ চিকিৎসক নিয়োগ কৰাৰ কথা ঘোষণা কৰা হৈছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে কালি বিধানসভাত প্ৰকাশ কৰে।

বিধায়ক বদৰুদ্দিন আজমলে সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, যে গ্রামাঞ্চলৰ স্বাস্থ্যকেন্দ্ৰসমূহত প্রয়োজনীয় চিকিৎসা কৰাব পৰাকৈ সকলোধৰণৰ ঔষধ প্ৰদান কৰা হয়, যাতে ৰোগীয়ে কোনো প্ৰাথমিক চিকিৎসাৰ পৰা বঞ্চিত নহয় ।