অহা ৪ মাহৰ ভিতৰত তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শুভাৰম্ভ কৰাৰ সম্ভাৱনা আছে বুলি স্বাস্থ্য মন্ত্রী অশোক সিংহলে প্রকাশ কৰিছে। আজি তামুলপুৰৰ কচুবাৰীত নির্মীয়মাণ চিকিৎসা মহাবিদ্যালয়খন স্বাস্থ্য মন্ত্রী শ্রীসিংহল আৰু জিলাখনৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই পৰিদৰ্শন কৰে। মহাবিদ্যালয়খনৰ ৯০ শতাংশ নির্মাণকার্য সম্পূর্ণ হৈছে আৰু অহা ৪ মাহৰ ভিতৰত বাকী ১০ শতাংশ কাম সম্পূৰ্ণ হ’ব বুলি শ্রীসিংহলে প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ পাছত আন্তঃবিভাগত ৰোগী চোৱা কাম আৰম্ভ হ’ব। ভাৰতীয় চিকিৎসা পৰিষদৰ অনুমোদন লাভ কৰাৰ পাছত অহা বছৰ চিকিৎসা মহাবিদ্যালয়ৰ কামো আৰম্ভ হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Assamese | August 4, 2026 6:49 PM | Ashok singhal
অহা ৪ মাহৰ ভিতৰত তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শুভাৰম্ভ কৰাৰ সম্ভাৱনা