June 21, 2026 11:59 AM
27
ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে পাঁচটা মূল নীতি সম্পৰ্কে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ প্ৰকাশ
ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে পাঁচটা মূল নীতি ক্রমে সুস্থ জীৱন শৈলী আৰু প্ৰতিৰোধমূলক স্বাস্থ্য সেৱা, ৰোগৰ আগতীয়া চিনাক্তকৰণ, স্থানীয় পর্যায়ত উন্নত চিকিৎসাৰ সুবিধা, স্বাস্থসেৱাৰ মান উন্নয়ন আৰু সম্পূর্ণ ডিজিটেলকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে ব্যক্ত কৰিছে। কালি চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ সভাকক্ষত হোৱা এখন বৈঠকত অংশ লৈ মন্ত্ৰীগৰাকীয়ে এই বিষয়ে অৱগত কৰে। বৈঠকৰ পাছতে সঞ্চালকালয়ৰ সমীপতে থকা স্বাস্থ্য ভৱনৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি মন্ত্ৰীগৰাক...