July 1, 2026 8:27 PM
22
শিৱসাগৰৰ অসামৰিক চিকিৎসালয়, নির্মীয়মান শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন মন্ত্রী অশোক সিংহলৰ
স্বাস্থ্য মন্ত্রী অশোক সিংহলে আজি শিৱসাগৰ জিলাৰ অসামৰিক চিকিৎসালয় আৰু নির্মীয়মান শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। শ্রীসিংহলে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ কর্তৃপক্ষৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু ইয়াৰ উন্নীতকৰণৰ কাম দ্রুতগতিত আগবঢ়াই নিয়াৰ আশ্বাস দিয়ে। তেওঁ লগতে এমাহৰ ভিতৰত চিকিৎসালয়খনত কেইবাটাও নতুন গোট কার্যক্ষম কৰি তোলা হ'ব বুলি জানিবলৈ দিয়ে। শ্রীসিংহলে বিগত সময়ছোৱাত জিলাখনত ৩ হাজাৰৰো অধিক সর্পদংশনত আক্রান্ত লোকৰ জীৱন ৰক্ষা কৰা হৈছে বুলি উল্লেখ কৰি এই সফলতাৰ...