ধুবুৰী জিলাৰ অভিভাৱক মন্ত্রী অশোক সিংহলে কালি জিলাখনৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল পৰিদৰ্শন কৰি সামগ্রিক পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে সীমান্তৱৰ্তী ভোগদাংগা গাঁৱৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ পূৰণৰ আশ্বাস দিয়ে। শ্ৰী সিংহলে বি এছ এফৰ শীর্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকতো মিলিত হয়। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে কালি ধুবুৰী আৱৰ্ত ভৱনৰ সভাকক্ষত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। তেওঁ জিলাখনত ৰূপায়ণ হৈ থকা জনকল্যাণমূলক আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লয়। শ্রী সিংহলে ধুবুৰীৰ ঐতিহাসিক গুৰুদ্ধাৰ গুৰু টেগ বাহাদুৰ ছাহেবজিত সেৱা জনায় জনসাধাৰণৰ মংগল কামনা কৰে।
Assamese | June 12, 2026 11:51 AM | Ashok singhal
ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল পৰিদৰ্শন অশোক সিংহলৰ