অহা ৫ বছৰত ৰাজ্যৰ স্বাস্থ্যখণ্ডত যুগান্তকাৰী পৰিৱৰ্তন সাধন হ’বঃ স্বাস্থ্যমন্ত্রী অশোক সিংহল

অহা ৫ বছৰত ৰাজ্যৰ স্বাস্থ্যখণ্ডত যুগান্তকাৰী পৰিৱৰ্তন সাধন হ’ব বুলি স্বাস্থ্যমন্ত্রী অশোক সিংহলে প্রকাশ কৰিছে। বিভাগটোৰ পুনৰ দায়িত্ব লাভ কৰা মন্ত্ৰীগৰাকীয়ে বিভাগীয় কাম-কাজ পৰ্যালোচনা কৰাৰ পাছত সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰিছে।

তেওঁ কয়, যে পৰৱৰ্তী ৫ বছৰত ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিস্তৰ ইতিবাচক পৰিৱৰ্তন হ’ব। শীঘ্ৰেই বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় মুকলি কৰাৰ পাছতে বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়ও মুকলি কৰা হ’ব বুলি তেওঁ কয়। অৱশ্যে সৰ্বভাৰতীয় পৰিসংখ্যাতকৈ অসমত কৰ্কট ৰোগীৰ হাৰ বৃদ্ধি পোৱা বিষয়টোক লৈ তেওঁ উদ্বেগ প্রকাশ কৰে

উল্লেখযোগ্য যে নৱগঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্রাপ্ত ১২ গৰাকী মন্ত্ৰীয়ে নিজ নিজ বিভাগৰ কাম- কাজ সম্পাদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে অভিভাৱক মন্ত্ৰীসমূহে সংশ্লিষ্ট জিলাসমূহ ভ্ৰমণ কৰিছে।

বিত্ত, বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি গোৱালপাৰাৰ জিলা আয়ুক্ত কাৰ্যালয়ত এখন পর্যালোচনা সভাত অংশ লৈ জিলাখনৰ উন্নয়নমূলক কাম-কাজৰ বুজ লয়।

তেওঁ জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী তথা জিলাখনৰ চাৰিওগৰাকী বিধায়কৰ সৈতে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে সম্ভাৱ্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহৰ প্ৰস্তুতিৰ খতিয়ান লয়।

তেওঁ পৰিৱেশ আৰু বন বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, শিক্ষা, কৃষি, জনস্বাস্থ্য কাৰিকৰীকে ধৰি বিভিন্ন বিভাগৰ কাম-কাজ পর্যালোচনা কৰে। ইয়াৰ লগতে অভিভাৱক মন্ত্ৰীৰ বাবে গোৱালপাৰাত অসম অসামৰিক সেৱা পৰ্যায়ৰ এগৰাকী বিষয়া-নিযুক্তি দিবলৈ জিলা আয়ুক্তক নির্দেশ দিয়ে।