June 21, 2026 11:59 AM | Ashok singhal

printer

ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে পাঁচটা মূল নীতি সম্পৰ্কে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ প্ৰকাশ

ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে পাঁচটা মূল নীতি ক্রমে সুস্থ জীৱন শৈলী আৰু প্ৰতিৰোধমূলক স্বাস্থ্য সেৱা, ৰোগৰ আগতীয়া চিনাক্তকৰণ, স্থানীয় পর্যায়ত উন্নত চিকিৎসাৰ সুবিধা, স্বাস্থসেৱাৰ মান উন্নয়ন আৰু সম্পূর্ণ ডিজিটেলকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে ব্যক্ত কৰিছে।

কালি চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ সভাকক্ষত হোৱা এখন বৈঠকত অংশ লৈ মন্ত্ৰীগৰাকীয়ে এই বিষয়ে অৱগত কৰে।

বৈঠকৰ পাছতে সঞ্চালকালয়ৰ সমীপতে থকা স্বাস্থ্য ভৱনৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে স্বাস্থ্যখণ্ডৰ সামগ্রিক উন্নয়ন, সেৱাৰ মান বৃদ্ধি আৰু জনসাধাৰণলৈ অধিক ফলপ্রসূ স্বাস্থ্যসেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বুজ লয়।

 তেওঁ কয়, যে স্বাস্থ্য ক্লাবৰ দৰে পদক্ষেপ ৰাজ্যৰ চিকিৎসা ব্যৱস্থাটো অধিক শক্তিশালী কৰিব। ইপিনে ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাব নিয়ন্ত্রণত আছে বুলি উল্লেখ কৰি ৰাইজক আতংকিত নহ’বলৈ তেওঁ আহ্বান জনায়।