ৰাজ্যৰ স্বাস্থ্য বিভাগে শীঘ্ৰে চিকিৎসালয়সমূহত স্থায়ী চিকিৎসক নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰিব। স্বাস্থ্যমন্ত্রী অশোক সিংহালে আজি অসম বিধানসভাৰ শূন্যকালত এটা প্ৰশ্নৰ উত্তৰত এই বিষয়ে প্রকাশ কৰে। তেঁও কয়, যে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহকে ধৰি চিকিৎসালয়সমূহত প্ৰায় এহেজাৰ ছশ চিকিৎসকৰ পদ খালী হ’ব। এই পদসমূহ পূৰণ কৰিলে জনসাধাৰণে চিকিৎসালয়সমূহত পর্যাপ্ত চিকিৎসক লাভ কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। কংগ্ৰেছৰ বিধায়ক ডাঃ আছিফ নাজাৰৰ নগাওঁৰ চিকিৎসালয়সমূহত পর্যাপ্ত ঔষধ আৰু সা-সুবিধা মজুত আছেনে নাই বুলি উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰত শ্রীসিংহালে কয়, যে ৰাজ্যৰ প্ৰতিখন জিলা চিকিৎসালয়, প্রাথমিক স্বাস্থ্য কেন্দ্ৰ, আৰু আয়ুষ্মান আৰোগ্য মন্দিৰসমূহত পর্যাপ্ত পৰিমাণে ঔষধ মজুত কৰি ৰখাটো নিশ্চিত কৰা হৈছে। প্ৰতিখন জিলা চিকিৎসালয়ত ২৭২ বিধ, প্রাথমিক স্বাস্থ্য কেন্দ্ৰসমূহত ১২৫ বিধ আৰু আয়ুষ্মান আৰোগ্য মন্দিৰত ৩৩ বিধ ঔষধ মজুত ৰখাৰ বাবে স্বাস্থ্য বিভাগৰ নির্দেশনা আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে প্রায় প্রতিখন চিকিৎসালয়তে উল্লেখ কৰা পৰিমাণৰ ঔষধ মজুত ৰখাৰ চেষ্টা কৰা হৈছে। ৰাজ্য চৰকাৰে চিকিৎসালয়সমূহত জেনেৰিক ঔষধহে প্ৰদানৰ ব্যৱস্থা কৰি আহিছে বুলি উল্লেখ কৰি চিকিৎসকসকলকো নিদান পত্ৰত জেনেৰিক ঔষধৰহে পৰামৰ্শ দিবলৈ কোৱা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
Assamese | February 20, 2025 6:54 PM | Ashok singhal | Assam Govt | Health department
ৰাজ্যৰ স্বাস্থ্য বিভাগে শীঘ্ৰে চিকিৎসালয়সমূহত স্থায়ী চিকিৎসক নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰিব