মন্ত্রী অশোক সিংঘালে আজি শোণিতপুৰ জিলাৰ প্ৰথমটো সমজিলা আৰক্ষী অধীক্ষক কাৰ্য্যালয় মুকলি কৰে। ঢেকীয়াজুলিৰ ভোটপাৰাত এই উপলক্ষে আয়োজিত সভাত অংশ লৈ তেওঁ কয় যে, আৰক্ষী প্ৰশাসনে নিষ্ঠাৰে কাম কৰাৰ বাবে আজি ৰাজ্যত অপৰাধৰ সংখ্যা হ্ৰাস পাইছে। সমাজৰ অপশক্তি আৰু অপৰাধ চক্ৰৰ বিৰুদ্ধে ৰাইজ একত্রিত হব লাগিব বুলি তেওঁ ভাষণত উল্লেখ কৰে। ৰাজ্যত দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ স্থান নাই বাবে আজি বৰ্হিৰাজ্যত আৰক্ষী আহি অসমত প্ৰশিক্ষণ লৈছে বুলি তেওঁ কয়। জাতি-মাটি-ভেটি সভ্যতা-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত বিজয়ী নোহোৱালৈকে যুঁজ চলি থাকিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Assamese | August 28, 2025 8:33 PM | Akashvani Guwahati | Akashvani News | Ashok singhal | Local news
শোণিতপুৰত প্ৰথমটো সমজিলা আৰক্ষী অধীক্ষক কাৰ্য্যালয় মুকলি মন্ত্রী অশোক সিংঘালৰ