ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। স্বাস্থ্যমন্ত্রী অশোক সিংহলে আজি ঢেকীয়াজুলি ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে অভিভাৱকসকলক সন্তানৰ সুস্বাস্থ্যৰ বাবে পৰিষ্কাৰ পৰিৱেশ, বিশুদ্ধ পানী সেৱন আৰু স্বাস্থ্যসন্মত জীৱন-যাপনৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান জনায়।
উত্তৰ লখিমপুৰৰ পদ্মনাথ গোহাঁই বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত টিংকুমণি বৰাই ছাত্ৰ-ছাত্ৰীসকলক পেলু নিৰ্মূলকৰণ ঔষধ প্ৰদান কৰে। অনুষ্ঠানত মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ কুইন বৰুৱাই পেলুৰ সংক্ৰমণ সহজে প্ৰতিৰোধ কৰাৰ ব্যৱস্থাৰ লগতে এই বিষয়ত এটা সজাগতামূলক বক্তৃতা প্ৰদান কৰে। ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ কাৰ্যসূচীৰ অধীনত জিলাখনৰ ২,২৮৩ খন বিদ্যালয় আৰু ২,৫৯২টা অংগনৱাড়ী কেন্দ্ৰ সামৰি লোৱা হৈছে। তিনিচুকীয়া জিলাৰ বৰগুৰি জ্ঞানংকোষ আৱাসিক বিদ্যালয়ত আজি পেলু নিৰ্মূলকৰণ দিৱসৰ কাৰ্যসূচীত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কেইবাগৰাকী বিষয়াই অংশ লয়। মাজুলী জিলাৰ ৰঙাচাহী তনুৰাম নাথ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ লোকনাথ দেউৰীয়ে এই দিৱসৰ কাৰ্যসূচী মুকলি কৰে। অনুষ্ঠানত কেইবাগৰাকী চিকিৎসকে পেলু হোৱাৰ কাৰণ, ইয়াৰ নিৰ্মূলকৰণৰ ক্ষেত্ৰত ল’বলগীয়া ব্যৱস্থা আদিৰ বিষয়ে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলক পৰামৰ্শ আগবঢ়ায়। চৰাইদেউ জিলাৰ সোণাৰীৰ পদ্মকুমাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস পালন কৰা হয়৷
Assamese | February 10, 2025 7:18 PM | Ashok singhal | Health dept. | National Deworming Day
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস পালন