August 9, 2026 8:34 PM

views 45

ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ দিৱস

দেশজুৰি কাইলৈ ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ দিৱস উদযাপন কৰা হ'ব। স্বাস্থ্যমন্ত্রী অশোক সিংহলে ৰাজ্যৰ শিশুসকলক সমীপৰ বিদ্যালয় তথা অংগনবাড়ী কেন্দ্রলৈ লৈ গৈ পেলু নির্মূলকৰণৰ বিনামূলীয়া দৰৱ সেৱন কৰাবলৈ অভিভাৱকসকলক আহ্বান জনাইছে। উল্লেখযোগ্য যে, পেলু নির্মূলকৰণৰ জৰিয়তে শিশুসকলৰ ৰক্তাল্পতা ৰোগ হ্রাস হোৱাৰ লগতে মানসিক প্রগতি সাধন হয়। তদুপৰি ইয়াৰ জৰিয়তে শিশুসকলে অধিক পৰিপুষ্টি লাভ কৰাৰ লগতে তেওঁলোকৰ শাৰীৰিক বিকাশো সুচল হয়।

February 10, 2025 7:18 PM

views 81

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। স্বাস্থ্যমন্ত্রী অশোক সিংহলে আজি ঢেকীয়াজুলি ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে অভিভাৱকসকলক সন্তানৰ সুস্বাস্থ্যৰ বাবে পৰিষ্কাৰ পৰিৱেশ, বিশুদ্ধ পানী সেৱন আৰু স্বাস্থ্যসন্মত জীৱন-যাপনৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। উত্তৰ লখিমপুৰৰ পদ্মনাথ গোহাঁই বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অতি...

February 10, 2025 11:16 AM

views 119

আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস

● আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস। এই বিশেষ উপলক্ষত বিদ্যালয়লৈ যোৱা শিশুসকলক বিদ্যালয়তে পেলুনাশক বড়ি প্ৰদান কৰা হ'ব। আজি শিক্ষানুষ্ঠানত অনুপস্থিত থকা শিশুসকলক অহা ১৭ ফেব্ৰুৱাৰীলৈ এই বড়ি প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। তদুপৰি আশা আৰু অংগনবাড়ীৰ কৰ্মীসকলে সকলো অংগনবাড়ী কেন্দ্ৰৰ উপৰি গৃহ পৰিদৰ্শনৰ জৰিয়তে ১ৰ পৰা ১৯ বছৰ বয়সৰ সকলো শিশু তথা কিশোৰ-কিশোৰীক পেলু মুক্ত হোৱাটো সুনিশ্চিত কৰিবলৈ পেলু নাশক ঔষধ খুওৱা হ'ব। পেলুৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ হাতৰ নখ চাফা আৰু চুটি কৰি ৰখা, খোৱাৰ আগত আৰু শৌচালয় ব...