দেশজুৰি কাইলৈ ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ দিৱস উদযাপন কৰা হ’ব। স্বাস্থ্যমন্ত্রী অশোক সিংহলে ৰাজ্যৰ শিশুসকলক সমীপৰ বিদ্যালয় তথা অংগনবাড়ী কেন্দ্রলৈ লৈ গৈ পেলু নির্মূলকৰণৰ বিনামূলীয়া দৰৱ সেৱন কৰাবলৈ অভিভাৱকসকলক আহ্বান জনাইছে।
উল্লেখযোগ্য যে, পেলু নির্মূলকৰণৰ জৰিয়তে শিশুসকলৰ ৰক্তাল্পতা ৰোগ হ্রাস হোৱাৰ লগতে মানসিক প্রগতি সাধন হয়। তদুপৰি ইয়াৰ জৰিয়তে শিশুসকলে অধিক পৰিপুষ্টি লাভ কৰাৰ লগতে তেওঁলোকৰ শাৰীৰিক বিকাশো সুচল হয়।