স্বাস্থ্য মন্ত্রী অশোক সিংহলে আজি শিৱসাগৰ জিলাৰ অসামৰিক চিকিৎসালয় আৰু নির্মীয়মান শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। শ্রীসিংহলে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ কর্তৃপক্ষৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু ইয়াৰ উন্নীতকৰণৰ কাম দ্রুতগতিত আগবঢ়াই নিয়াৰ আশ্বাস দিয়ে। তেওঁ লগতে এমাহৰ ভিতৰত চিকিৎসালয়খনত কেইবাটাও নতুন গোট কার্যক্ষম কৰি তোলা হ’ব বুলি জানিবলৈ দিয়ে। শ্রীসিংহলে বিগত সময়ছোৱাত জিলাখনত ৩ হাজাৰৰো অধিক সর্পদংশনত আক্রান্ত লোকৰ জীৱন ৰক্ষা কৰা হৈছে বুলি উল্লেখ কৰি এই সফলতাৰ বাবে সর্পদংশন বিশেষজ্ঞ ডাঃ সুৰজিত গিৰিক অভিনন্দন জনায়। তেওঁ লগতে সর্পদংশনৰ এই চিকিৎসা আর্হি সমগ্র ৰাজ্যতে সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনাৰ কথাও উল্লেখ কৰে।
ডিমৌৰ ইকৰাণী নাহৰ হাবিৰ প্ৰায় ১২৩ বিঘা ভূমিত নির্মীয়মান শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কালত শ্রীসিংহলে প্রকল্পটোৰ প্রায় ৩৫ শতাংশ নির্মাণ কার্য সম্পূর্ণ হৈছে বুলি প্রকাশ কৰে। চিকিৎসা মহাবিদ্যালয়খনত অতি শীঘ্রেই বহিঃৰোগ চিকিৎসা বিভাগ আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়ে।