শোণিতপুৰ জিলা দিৱসৰ লগত সংগতি ৰাখি আজি ঢেকিয়াজুলিৰ শ্বহীদ স্মাৰক উদ্যানত বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত মন্ত্ৰী সিংহলে শোণিতপুৰ জিলাৰ বিকাশ, সংস্কৃতি আৰু বলিষ্ঠ অৱদানৰ বিষয়ে আলোকপাত কৰে। এই অনুষ্ঠানত স্থানীয় কলা-সংস্কৃতিৰ বিকাশৰ বাবে নবীন-প্রবীণ শিল্পীৰ দ্বাৰা চিত্ৰাংকন আৰু প্ৰদৰ্শনী আয়োজিত হয়।
Assamese | August 3, 2025 6:34 PM | Ashok singhal | Sonitpur district
শোণিতপুৰ জিলা দিৱস উপলক্ষে ঢেকিয়াজুলিৰ শ্বহীদ স্মাৰক উদ্যানত বৰ্ণাঢ্য অনুষ্ঠান