ৰাজ্য চৰকাৰে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে ফেব্ৰুৱাৰীৰ পৰা প্ৰতিৰোধ আৰু চিকিৎসাৰ ব্যৱস্থা ৰূপায়ণ কৰি আছে। কংগ্রেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰে সোধা এটা প্ৰশ্নৰ উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা চিকিৎসা বিভাগৰ মন্ত্রী অশোক সিংহলে আজি এই কথা প্রকাশ কৰে। তেওঁ কয়, যে প্রতিখন জিলাত জাপানীজ এনকেফেলাইটিছৰ ব্যৱস্থাপনাৰ বিষয়টো তদাৰক কৰাৰ বাবে একোগৰাকীকৈ না’ডেল বিষয়া নিয়োগ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় হাস্পতালত এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আক্রান্ত লোকৰ বাবে আই চি ইউ বিচনা সংৰক্ষিত কৰি ৰখা হৈছে। এই ৰোগ নিয়ন্ত্ৰণৰ কোনো একক সমাধান নাই আৰু ৰোগবিধৰ প্রাদুর্ভাব বোধ কৰাৰ বাবে ৫ তৰপীয়া ব্যৱস্থাৰ প্ৰয়োজন বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্যত নৱ-জাতকৰ নিয়মীয়া প্রতিষেধক কাৰ্য্যসূচীৰ অধীনত জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক অন্তর্ভুক্ত কৰা হৈছে। নির্ধাৰিত এলেকাৰ প্রায় ৭৫ শতাংশ ইতিমধ্যে প্রতিষেধক প্রদান কাৰ্য্যসূচীত সাঙুৰি লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
চিকিৎসালয়ত চিকিৎসাধীন এনকেফেলাইটিছ ৰোগীৰ বাবে ১ লাখ টকাৰ অনুদান আগবঢ়োৱা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয়, যে ৰাজ্যত বর্তমানলৈকে ১৪৭ জন লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে আৰু ইয়াৰে ১৩৭ জন ৰোগীক সুস্থ কৰি তোলা হৈছে। এই ৰোগত আক্রান্ত হৈ ১০ জন লোকে প্রাণ হেৰুওৱা বুলি মন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে।