July 31, 2026 8:52 PM | Ashok singhal

printer

বানৰ পাছৰ সময়ত হ’ব পৰা সংক্রমণজনিত ৰোগৰ পৰা হাত সাৰিবলৈ জনসাধাৰণক সতর্ক হ’বলৈ স্বাস্থ্যমন্ত্রী অশোক সিংহালৰ আহ্বান

স্বাস্থ্যমন্ত্রী অশোক সিংহালে বানৰ পাছৰ সময়ত হ’ব পৰা সংক্রমণজনিত ৰোগৰ পৰা হাত সাৰিবলৈ জনসাধাৰণক সতর্ক হ’বলৈ আহ্বান জনাইছে। ৰাজ্যৰ স্বাস্থ্য বিভাগে বানৰ কবলত পৰা অঞ্চলসমূহত জিলা দুর্যোগ প্রশমন প্রপ্ৰাধিকৰণৰ সহযোগত স্বাস্থ্য শিবিৰৰ আয়োজন কৰাৰ লগতে কেতবোৰ স্বাস্থ্য সুৰক্ষাৰ বিধি নিৰ্দেশ কৰিছে। 

এই বিধি অনুযায়ী আৱৰ্জনা বা মৃত জীৱ-জন্তু স্পৰ্শ কৰিবলৈ হাত মোজা পিন্ধাৰ অনুৰোধ কৰা হৈছে। ইয়াৰ লগতে স্বাস্থ্য বিভাগে বানত ভিজা ঔষধ পুনৰ ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে।