বন্য প্রাণী সপ্তাহ উপলক্ষে বাক্সা জিলাৰ শালবাৰীত আজি সজাগতা সমদল উলিওৱা হয়।
৭২ সংখ্যক বন্য প্রাণী সপ্তাহৰ সৈতে সংগতি ৰাখি বন বিভাগে আয়োজন কৰা এই সমদলৰ জৰিয়তে বন্যপ্ৰাণী সুৰক্ষাক লৈ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়।
এই কাৰ্যসূচীত শালবাৰী সংমণ্ডলৰ অধীনৰ বন বিষয়া আৰু কৰ্মীসকলে অংশগ্ৰহণ কৰে।