October 6, 2026 6:29 PM

views 12

৭২ সংখ্যক বন্যপ্রাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত বন্যপ্ৰাণী সংৰক্ষণ আৰু মানুহ বন্যপ্ৰাণীৰ সহাৱস্থানৰ দিশত অসমৰ প্ৰচেষ্টাৰ গুৰুত্বপূৰ্ণ প্ৰতিবেদন উন্মোচন

৭২ সংখ্যক বন্যপ্রাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীদামোদৰদেৱ আন্তৰ্জাতিক প্রেক্ষাগৃহত অনুষ্ঠিত হয়। দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যতো ২ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হৈছে। এই সপ্তাহৰ এই বছৰৰ মূল বিষয়বস্তু হৈছে বসতিস্থলৰ সংযোগ সাধন আৰু বন্যপ্ৰাণীৰ পূৰ্ণবিকাশ। আজিৰ অনুষ্ঠানত অংশ লৈ বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বন্যপ্ৰাণী সংৰক্ষণ আৰু মানুহ বন্যপ্ৰাণীৰ সহাৱস্থানৰ দিশত অসমৰ প্ৰচেষ্টাক শক্তিশালী কৰাৰ দিশত গুৰুত্বপূৰ্ণ প...

October 6, 2026 5:29 PM

views 4

বন্য প্রাণী সপ্তাহ উপলক্ষে বাক্সা জিলাৰ শালবাৰীত সজাগতামূলক সমদল

বন্য প্রাণী সপ্তাহ উপলক্ষে বাক্সা জিলাৰ শালবাৰীত আজি সজাগতা সমদল উলিওৱা হয়। ৭২ সংখ্যক বন্য প্রাণী সপ্তাহৰ সৈতে সংগতি ৰাখি বন বিভাগে আয়োজন কৰা এই সমদলৰ জৰিয়তে বন্যপ্ৰাণী সুৰক্ষাক লৈ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। এই কাৰ্যসূচীত শালবাৰী সংমণ্ডলৰ অধীনৰ বন বিষয়া আৰু কৰ্মীসকলে অংশগ্ৰহণ কৰে।