৭২ সংখ্যক বন্যপ্রাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীদামোদৰদেৱ আন্তৰ্জাতিক প্রেক্ষাগৃহত অনুষ্ঠিত হয়। দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যতো ২ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হৈছে।
এই সপ্তাহৰ এই বছৰৰ মূল বিষয়বস্তু হৈছে বসতিস্থলৰ সংযোগ সাধন আৰু বন্যপ্ৰাণীৰ পূৰ্ণবিকাশ। আজিৰ অনুষ্ঠানত অংশ লৈ বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বন্যপ্ৰাণী সংৰক্ষণ আৰু মানুহ বন্যপ্ৰাণীৰ সহাৱস্থানৰ দিশত অসমৰ প্ৰচেষ্টাক শক্তিশালী কৰাৰ দিশত গুৰুত্বপূৰ্ণ প্ৰতিবেদন উন্মোচন কৰে।
ৰাজ্য চৰকাৰৰ বন বিভাগ আৰু ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ যৌথ উদ্যোগত প্ৰস্তুত কৰা ট্রেকিং দ্যা জায়েণ্টছ শীৰ্ষক প্ৰতিবেদনত ৫ টা ৰেডিঅ’ কলাৰ লগোৱা হাতী ৫ বছৰত সংগ্ৰহ কৰা ৩৮ হাজাৰতকৈ অধিক জি পি এছ অৱস্থানৰ জৰিয়তে বিচৰণ সম্পৰ্কীয় তথ্য প্ৰদান কৰা হৈছে। তদুপৰি হাতী সমূহৰ ঋতুভিত্তিক প্ৰব্ৰজন আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰে বিচৰণ সন্দৰ্ভতো তথ্য দিয়া হৈছে।
ছেফগার্দিং ৱাইল্ডলাইফ মোভমেন্ট শীর্ষক আনখন প্রতিবেদনত ধনশিৰি, লামদিং, হস্তী সংৰক্ষিত বনাঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বন্যপ্ৰাণীৰ বিচৰণ সুৰক্ষিত কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে। এই অনুষ্ঠানত সমর্পিত মনোভাৱেৰে কাম কৰা আগশাৰীৰ বনকৰ্মী আৰু বন্যপ্রাণী সুৰক্ষাৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰাসকলক স্বীকৃতি প্ৰদান কৰা হয়।
বন্য প্রাণী সপ্তাহ উপলক্ষে বাক্সা জিলাৰ শালবাৰীত আজি সজাগতা সমদল উলিওৱা হয়। ৭২ সংখ্যক বন্য প্রাণী সপ্তাহৰ সৈতে সংগতি ৰাখি বন বিভাগে আয়োজন কৰা এই সমদলৰ জৰিয়তে বন্যপ্ৰাণী সুৰক্ষাক লৈ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। এই কাৰ্যসূচীত শালবাৰী সংমণ্ডলৰ অধীনৰ বন বিষয়া আৰু কৰ্মীসকলে অংশগ্ৰহণ কৰে।