যোৰহাটৰ পুৰণিমাটি চাহ বাগিছা অঞ্চলত আতংকৰ সৃষ্টি কৰি অহা এজনী মাইকী নাহৰফুটুকীক আজি বন বিভাগে পিঞ্জৰাত আৱদ্ধ কৰে

যোৰহাট জিলাৰ পুৰণিমাটি চাহ বাগিছা অঞ্চলত বিগত কেইবাদিনো ধৰি আতংকৰ সৃষ্টি কৰি অহা এজনী মাইকী নাহৰফুটুকী আজি বন বিভাগে পিঞ্জৰাত আৱদ্ধ কৰে।

আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে, অঞ্চলটোত কিছুদিন ধৰি নাহৰফুটুকীয়ে অবাধ বিচৰণ কৰাৰ লগতে স্থানীয় লোকৰ পোহনীয়া জীৱ-জন্তু আক্রমণ কৰি আহিছিল।

ইয়াৰ পাছতে বন বিভাগে যোৱা ২৭ জুনত অঞ্চলটোত এটা পিঞ্জৰা স্থাপন কৰে। বন বিভাগে জনোৱা মতে, আজি আৱদ্ধ হোৱা বাঘটো স্বাস্থ্য পৰীক্ষাৰ অন্তত নিৰাপদ বনাঞ্চলত মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।