September 24, 2026 9:04 PM

views 15

যোৰহাট জিলাৰ তিতাবৰ সমজিলা প্ৰশাসনৰ উদ্যোগত প্রজেক্ট ডেউকাৰ প্ৰশিক্ষণ সম্পন্ন

যোৰহাট জিলাৰ তিতাবৰ সমজিলা প্ৰশাসনৰ উদ্যোগত আজি প্রজেক্ট ডেউকাৰ প্ৰশিক্ষণ সম্পন্ন হয়। তিতাবৰৰ দেৱ কুমাৰ বৰা সোঁৱৰণী ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই প্রজেক্ট ডেউকা হৈছে, দিব্যাংগ ব্যক্তিসকলৰ বাবে সহানুভূতিশীল আৰু সহায়ক পৰিৱেশ সৃষ্টি কৰা। এই প্ৰকল্পৰ জৰিয়তে দিব্যাংগ লোকসকলৰ প্ৰতি থকা ভুল ধাৰণা, কলংক আৰু বৈষম্য হ্ৰাস কৰাৰ লগতে তেওঁলোকৰ অধিকাৰ, মৰ্য্যাদা, সামৰ্থ্য আৰু সমান অংশগ্ৰহণৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। তিতাবৰ সমজিলা আয়ুক্তই এই কাৰ্য্যসূচী উদ্বোধন কৰাৰ লগতে সহকাৰী আয়ুক্ত,...

September 14, 2026 1:03 PM

views 17

কালিৰেপৰা ৰাজ্যৰ জিলা আয়ুক্তসকলৰ দুদিনীয়া সন্মিলন অনুষ্ঠিত

যোৰহাটৰ সন্মিলন কেন্দ্ৰত কালিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যৰ জিলা আয়ুক্তসকলৰ দুদিনীয়া সন্মিলন অনুষ্ঠিত হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই সন্মিলনত মুখ্য অতিথি হিচাপে অংশ লৈছে। এই সন্মিলনত প্ৰতিখন জিলাৰ সামগ্রিক উন্নয়ন, ৰাজহ, জনসাধাৰণৰ সা-সুবিধা তথা অভাৱ-অভিযোগৰ নিষ্পত্তি, আন্তঃগাঁথনি বিকাশ, আইন-শৃংখলা পৰিস্থিতি, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ ৰূপায়ণৰ লগতে বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম-কাজৰ বিস্তৃত পর্যালোচনা কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত প্রয়োজনীয় নিৰ্দেশনা জাৰি...

August 5, 2026 6:52 PM

views 32

মন্ত্ৰী অজন্তা নেওগৰ সভাপতিত্বত যোৰহাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ বান পৰিস্থিতি সন্দৰ্ভত পর্যালোচনা সভা

পর্যটন, মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ সভাপতিত্বত আজি যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে জিলাখনৰ বান পৰিস্থিতি সন্দৰ্ভত পর্যালোচনা সভা অনুষ্ঠিত হয়। সভাত মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগৰ পৰা বানত ক্ষয়-ক্ষতিৰ খতিয়ান লোৱাৰ লগতে বৰ্তমান গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বুজ লয়। চৰকাৰে প্ৰদান কৰা বান সাহায্য আৰু অন্তৱৰ্তীকালীন বিত্তীয় সাহায্যৰ পৰা যাতে কোনো বান প্ৰভাৱিত লোক বঞ্চিত নহয় সেয়া নিশ্চিত কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ লগতে এই ক্ষেত্...

July 17, 2026 6:10 PM

views 26

যোৰহাটৰ জিলা আয়ুক্তৰ বৰ্তমানৰ কাৰ্যালয় স্থানান্তৰ সন্দৰ্ভত জিলা আয়ুক্ত জয় শিৱানিৰ সভাপতিত্বত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত

যোৰহাটৰ জিলা আয়ুক্তৰ বৰ্তমানৰ কাৰ্যালয় চিনামৰাৰ নৱনিৰ্মিত ভৱনলৈ স্থানান্তৰ সন্দৰ্ভত জিলা আয়ুক্ত জয় শিৱানিৰ সভাপতিত্বত আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলা উন্নয়ন আয়ুক্ত, সম-জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী জিলা আয়ুক্ত, নির্বাচনী বিষয়া, সহকাৰী আয়ুক্তসকলৰ লগতে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। বৰ্তমানৰ কাৰ্যালয়টো নৱনিৰ্মিত ভৱনলৈ শৃংখলাবদ্ধভাৱে স্থানান্তৰ কৰাৰ ক্ষেত্ৰত ল'বলগীয়া পদক্ষেপসমূহৰ বিষয়ে এই বৈঠকত আলোচনা কৰা হয়।

July 8, 2026 2:07 PM

views 29

যোৰহাট জিলাৰ চিনামৰা চাহ বাগিচাত আজি এবিধ বিশেষ কাঠফুলা খেতিৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত

যোৰহাট জিলাৰ চিনামৰা চাহ বাগিচাত আজি এবিধ বিশেষ কাঠফুলা খেতিৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। বাগিচাখনৰ কিশোৰী ক্লাবৰ সদস্যাসকলৰ বাবে আয়োজন কৰা এই প্রশিক্ষণ কাৰ্যসূচী যোৰহাট জিলাৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক তথা অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা০ ভক্তিময় ভট্টাচার্যই উদ্বোধন কৰে। এই কাৰ্যসূচীৰ জৰিয়তে যুৱতীসকলক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্য লোৱা হৈছে। ইয়াৰ যোগেদি বাল্য বিবাহৰ দৰে আৰ্থ সামাজিক সমস্যাসমূহ প্রতিহত কৰাৰ লগতে আর্থিক স্বতন্ত্রতা প্ৰদান কৰাটোও অ...

July 8, 2026 1:13 PM

views 30

যোৰহাট জিলাৰ ষ্টেডিয়াম চৌহদত চি এম ফিফা ফেন পার্ক উদ্বোধন

যোৰহাট জিলাৰ ষ্টেডিয়াম চৌহদত যোৱা নিশা চি এম ফিফা ফেন পার্ক উদ্বোধন কৰা হয়। কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছাই এই পার্ক উদ্বোধন কৰে। অনুষ্ঠানত যোৰহাটৰ জিলা ক্ৰীড়া বিষয়া ৰাহুল শৰ্মা আৰু এ আই আই ডি চি-ৰ অধ্যক্ষ শান্তনু পূজাৰীয়ে ভাষণ দিয়ে। অনুষ্ঠানত যোৰহাটৰ জিলা আয়ুক্ত, জিলা আৰক্ষী অধীক্ষকে ধৰি ভালেসংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থাকে।

July 7, 2026 7:45 PM

views 24

চিনামৰা উৰণ সেতুৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীৰ

যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীয়ে আজি চিনামৰা উৰণ সেতুৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। নির্মাণস্থলী পৰিদৰ্শনকালত তেওঁ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত উৰণ সেতু সম্পূৰ্ণ কৰাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়া, অভিযন্তা তথা নিৰ্মাণকাৰী সংস্থাক সমগ্ৰ প্ৰক্ৰিয়াটো অধিক খৰতকীয়া কৰাৰ লগতে যাত্ৰীসকলৰ সুৰক্ষা আৰু গুণগত মান অক্ষুণ্ণ ৰাখি কাম সম্পূর্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। জিলা আয়ুক্তগৰাকীয়ে যোৰহাটৰ নৱনিৰ্মিত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰো বুজ লয়। প...

July 4, 2026 7:39 PM

views 24

যোৰহাটৰ আৱৰ্ত ভৱনৰ প্ৰেক্ষাগৃহত আজি পি এম পোষণ আঁচনিৰ এখন পর্যালোচনা সভা অনুষ্ঠিত

যোৰহাট জিলাৰ আৱৰ্ত ভৱনৰ প্ৰেক্ষাগৃহত আজি পি এম পোষণ আঁচনিৰ এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। সভাত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ প্রতিনিধি, টিয়ক আৰু তিতাবৰ সমষ্টিৰ বিধায়কসকলৰ প্ৰতিনিধি, অতিৰিক্ত জিলা আয়ুক্ত, পি এম পোষণ আঁচনিৰ পৰিচালক, বিদ্যালয় পৰিদৰ্শক আৰু যোৰহাট জিলাৰ বিভাগীয় মুৰব্বীসকল উপস্থিত আছিল।

July 4, 2026 7:03 PM

views 29

যোৰহাটৰ পুৰণিমাটি চাহ বাগিছা অঞ্চলত আতংকৰ সৃষ্টি কৰি অহা এজনী মাইকী নাহৰফুটুকীক আজি বন বিভাগে পিঞ্জৰাত আৱদ্ধ কৰে

যোৰহাট জিলাৰ পুৰণিমাটি চাহ বাগিছা অঞ্চলত বিগত কেইবাদিনো ধৰি আতংকৰ সৃষ্টি কৰি অহা এজনী মাইকী নাহৰফুটুকী আজি বন বিভাগে পিঞ্জৰাত আৱদ্ধ কৰে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে, অঞ্চলটোত কিছুদিন ধৰি নাহৰফুটুকীয়ে অবাধ বিচৰণ কৰাৰ লগতে স্থানীয় লোকৰ পোহনীয়া জীৱ-জন্তু আক্রমণ কৰি আহিছিল। ইয়াৰ পাছতে বন বিভাগে যোৱা ২৭ জুনত অঞ্চলটোত এটা পিঞ্জৰা স্থাপন কৰে। বন বিভাগে জনোৱা মতে, আজি আৱদ্ধ হোৱা বাঘটো স্বাস্থ্য পৰীক্ষাৰ অন্তত নিৰাপদ বনাঞ্চলত মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰা হ'ব।

July 2, 2026 12:35 PM

views 41

যোৰহাট জিলা প্রশাসনৰ জাগৃত যোৰহাট নামৰ এটা অনলাইন প’ৰ্টেল মুকলি

যোৰহাট জিলা প্রশাসনে নাগৰিকসকলৰ সুবিধার্থে জাগৃত যোৰহাট নামৰ এটা অনলাইন প’ৰ্টেল মুকলি কৰিছে। যোৰহাট জিলা দিৱস উপলক্ষে আয়োজিত মুকলি সভাত কালি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই প'ৰ্টেলটো মুকলি কৰে। ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰৰ অধীনৰ যোৰহাট জিলা কেন্দ্ৰই বিকশাই তোলা এই প’ৰ্টেলৰ জৰিয়তে জিলাখনৰ নাগৰিকসকলে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ নহাকৈয়ে বিভিন্ন বিষয় সন্দৰ্ভত তেওঁলোকৰ মতামত, পৰামৰ্শ তথা আবেদন আৰু অভিযোগ দাখিল কৰিব পাৰিব বুলি জিলা আয়ুক্ত জয় শিৱানীয়ে জানিবলৈ দিয়ে। যোৰহাট জিলাবাসীয়ে ...