যোৰহাটৰ সন্মিলন কেন্দ্ৰত কালিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যৰ জিলা আয়ুক্তসকলৰ দুদিনীয়া সন্মিলন অনুষ্ঠিত হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই সন্মিলনত মুখ্য অতিথি হিচাপে অংশ লৈছে। এই সন্মিলনত প্ৰতিখন জিলাৰ সামগ্রিক উন্নয়ন, ৰাজহ, জনসাধাৰণৰ সা-সুবিধা তথা অভাৱ-অভিযোগৰ নিষ্পত্তি, আন্তঃগাঁথনি বিকাশ, আইন-শৃংখলা পৰিস্থিতি, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ ৰূপায়ণৰ লগতে বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম-কাজৰ বিস্তৃত পর্যালোচনা কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত প্রয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে। এই সন্মিলনত ৰাজ্য চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী, মুখ্য সচিব ড° ৰবি কোটাৰ উপৰি বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল, স্বায়ত্তশাসিত পৰিষদৰ শীৰ্ষ বিষয়াসকল, ৰাজ্যৰ সকলো জিলাৰ আয়ুক্ত আৰু সমজিলা আয়ুক্তকে ধৰি জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত আছে। উল্লেখযোগ্য যে নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এইখনেই হৈছে ৰাজ্যৰ জিলা আয়ুক্তসকলৰ প্রথমখন সন্মিলন। মুখ্যমন্ত্রী ড° বিশ্ব শৰ্মাই তিনি-দিনীয়া কাৰ্যসূচীৰে কালি যোৰহাটত উপস্থিত হয়।
মুখ্যমন্ত্ৰীয়ে যোৰহাট জিলা আয়ুক্তৰ নৱনিৰ্মিত সংহত কাৰ্যালয় ভৱন, চিনামৰা ৰে’লৱে উৰণ সেতু, লুইতপৰীয়া মিচিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰীনিবাস মুকলি কৰে।