দেশজুৰি আজি শ্ৰদ্ধা আৰু উলহ-মালহেৰে গণেশ চতুর্থী পালন কৰা হৈছে। এই দিনটো ভগৱান গণেশৰ জন্মদিন হিচাপে পালন কৰা হয় যি হৈছে জ্ঞান, সমৃদ্ধি আৰু সৌভাগ্যৰ প্ৰতীক। বিনায়ক চতুৰ্থী বা গণেশ উৎসৱ হিচাপেও পৰিচিত এই দিনটোৰ পৰাই ১০ দিনীয়া মহোৎসৱ আৰম্ভ হয় আৰু ভক্তসকলে ভগৱান গণেশৰ মৃণ্ময় মূৰ্তি ঘৰত ৰাখি পূজা-অৰ্চনা কৰে। গণেশ বিসৰ্জনৰ বিশাল আয়োজনেৰে এই মহোৎসৱৰ সামৰণি পৰে। ভগৱান গণেশৰ মূৰ্তি বিসৰ্জনে সৃষ্টি আৰু বিনাশৰ প্ৰক্ৰিয়াক চিহ্নিত কৰে। গণেশ চতুর্থী মহাৰাষ্ট্ৰৰ প্ৰধান উৎসৱসমূহৰ অন্যতম আৰু ৰাজ্যখনৰ লোকসকলে অতি উলহ-মালহেৰে এই উৎসৱ পালন কৰে ।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে গণেশ চতুর্থী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। এটা বাৰ্তাত শ্ৰীমতী মুর্মুৱে কয়, যে ভগৱান গণেশ হৈছে জ্ঞান, সমৃদ্ধি আৰু পৱিত্ৰ আৰম্ভণিৰ প্ৰতীক। গণেশ চতুর্থী মহোৎসৱে আমাৰ জীৱনলৈ শক্তি, জ্ঞান আৰু ইতিবাচক চিন্তা কঢ়িয়াই আনে বুলি শ্ৰীমুমুৱে উল্লেখ কৰে । তেওঁ কয়, যে এই পৱিত্ৰ উৎসৱে সকলোকে নতুন সংকল্পৰে প্ৰগতিৰ পথেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে ভগৱান গণেশে প্রত্যেকৰে জীৱনলৈ সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ বাবে প্ৰাৰ্থনা কৰে ।