নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টাদশ ব্ৰীকছ শীৰ্ষ সন্মিলনৰ কালি সামৰণি পৰে। শীৰ্ষ সন্মিলনখনৰ অন্তিম দিনা অনুষ্ঠিত মুকলি অধিৱেশনৰ সামৰণি ভাষণত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে ব্ৰিকছৰ বিবিধতা ইয়াৰ পৰিচয় আৰু সহযোগিতা ইয়াৰ অনুপ্ৰেৰণা হৈ ৰোৱা উচিত তথা ব্ৰিকছৰ প্ৰগতিয়ে মানৱতাৰ ক্ষেত্ৰত অৰিহনা যোগাব লাগে। তেওঁ কয়, যে ব্রিকছ কেৱল কেইখনমান ৰাষ্ট্ৰৰ সমষ্টি নহয়, বৰঞ্চ এয়া হৈছে সমাধানৰ এটা পৰিস্থিতি তন্ত্র। বিগত দুটা দিনৰ আলোচনাই এই বিশ্বাসক অধিক শক্তিশালী কৰিলে বুলি তেওঁ মন্তব্য কৰে। শ্ৰীমোদীয়ে সন্মিলনত গৃহীত নতুন দিল্লী ঘোষণাই উমৈহতীয়া দৰ্শন আৰু ভৱিষ্যতৰ সহযোগিতাৰ বাবে স্পষ্ট নির্দেশনা প্রদান কৰিব বুলি আশা প্রকাশ কৰে। প্ৰধানমন্ত্রী মোদীয়ে কয়, যে ব্রিকছৰ পৰিকাঠামো যাতে নথিৰ বাহিৰলৈ গৈ প্ৰকৃতাৰ্থত স্পষ্ট প্ৰভাৱ সৃষ্টি কৰে সেয়া নিশ্চিত কৰাৰ বাবে ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীয়ে একেলগে কাম কৰিব।
ব্রিকছে সম্প্রতি তিনিটা দশকত ভৰি দিবলৈ সাজু হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্রী মোদীয়ে কয়, যে বিশ্বই এতিয়া এই ৰাষ্ট্ৰগোষ্ঠীৰ পৰা কেৱল ধাৰণা আৰু প্ৰতিশ্ৰুতি নহয় বৰঞ্চ সুনির্দিষ্ট ফলাফল আশা কৰে। সামহিক প্ৰচেষ্টাৰ জৰিয়তে ব্ৰিকছে এয়া আশাক পূৰণ কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ব্ৰিকছৰ পৰৱৰ্তী অধ্যক্ষতাৰ বাবে চীনক শুভেচ্ছা জনায়।