September 15, 2026 12:43 PM

views 8

১৮ সংখ্যক ব্ৰিক্‌ছ সন্মিলনত ড্ৰাগছৰ বিৰুদ্ধে সামুহিক যুঁজ দিয়াৰ সংকল্প গ্ৰহণ

২০২১ চনৰ পৰা চৰকাৰে ৰাজ্যত ৩ হাজাৰ ২৫৩ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে। এই সময়ছোৱাত ড্ৰাগছ সৰবৰাহত জড়িত ২৬ হাজাৰ ৫০০ ৰো অধিক লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। শেহতীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত ১৮ সংখ্যক ব্ৰিক্‌ছ সন্মিলনত ড্ৰাগছৰ বিৰুদ্ধে সামুহিক যুঁজ দিয়াৰ সংকল্প গ্ৰহণ কৰা হৈছে। সন্মিলনত গুৱাহাটী ঘোষণা পত্ৰক অধিক গুৰুত্ব দিয়াত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সন্তুষ্টি প্ৰকাশ কৰিছে। ড্ৰাগছ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যকৰী হোৱাকৈ কাৰিকৰী দিশত সহযোগিতা শক্তিশালী কৰাত অসমৰ ভূ...

September 14, 2026 12:03 PM

views 18

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টাদশ ব্ৰীকছ শীৰ্ষ সন্মিলনৰ সামৰণি

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টাদশ ব্ৰীকছ শীৰ্ষ সন্মিলনৰ কালি সামৰণি পৰে। শীৰ্ষ সন্মিলনখনৰ অন্তিম দিনা অনুষ্ঠিত মুকলি অধিৱেশনৰ সামৰণি ভাষণত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে ব্ৰিকছৰ বিবিধতা ইয়াৰ পৰিচয় আৰু সহযোগিতা ইয়াৰ অনুপ্ৰেৰণা হৈ ৰোৱা উচিত তথা ব্ৰিকছৰ প্ৰগতিয়ে মানৱতাৰ ক্ষেত্ৰত অৰিহনা যোগাব লাগে। তেওঁ কয়, যে ব্রিকছ কেৱল কেইখনমান ৰাষ্ট্ৰৰ সমষ্টি নহয়, বৰঞ্চ এয়া হৈছে সমাধানৰ এটা পৰিস্থিতি তন্ত্র। বিগত দুটা দিনৰ আলোচনাই এই বিশ্বাসক অধিক শক্তিশালী কৰিলে বুলি তেওঁ মন্তব্য কৰে। শ্...

September 11, 2026 8:46 PM

views 2

ব্ৰীকচ শীর্ষ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে ইৰাণৰ ৰাষ্ট্ৰপতি নতুন দিল্লীত উপস্থিত

ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ন আজি ব্ৰীকচ শীর্ষ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে নতুন দিল্লীত উপস্থিত হৈছে। বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ বিভাগৰ ৰাজ্য মন্ত্ৰী শান্তনু ঠাকুৰে শ্ৰীপেজেস্কিয়নক আদৰণি জনায়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে কয় যে ভাৰত আৰু ইৰাণৰ মাজত সাংস্কৃতিক সমন্বয়ৰ লগতে দেশ দুখনৰ জনসাধাৰণৰ মাজতো বন্ধুত্বপূর্ণ সম্পর্ক আছে। ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাতেহ অল চিচিক আজি বিয়লি নতুন দিল্লীত প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যমন্ত্ৰী সঞ্জয় শ...

September 11, 2026 8:43 PM

views 3

ভাৰত মণ্ডপমত ব্ৰীকচ ব্যৱসায়িক মঞ্চৰ নেতাসকলৰ আলোচনা সত্ৰ অনুষ্ঠিত

নতুন দিল্লীৰ ভাৰত মণ্ডপমত ব্ৰীকচ ব্যৱসায়িক মঞ্চৰ নেতাসকলৰ আলোচনা সত্ৰ চলি আছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীকে ধৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিন, ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ন, আৰু দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামফোছাকে ধৰি ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলেও এই আলোচনাত ভাগ লৈছে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিযুষ গোৱেলে কয়, যে ভাৰতৰ নেতৃত্বত ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত ব্যৱসায়িক ভাৰসাম্যতা বৃদ্ধি কৰাৰ লগতে উদ্যোগিক প্ৰসাৰৰ বাবে এই ৰাষ্ট্ৰ...

September 11, 2026 8:02 PM

views 4

নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ আৰম্ভ অষ্টাদশ ব্রিকছ শীৰ্ষ সন্মিলন

নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ আৰম্ভ হ'বলগীয়া অষ্টাদশ ব্রিকছ শীৰ্ষ সন্মিলনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। সন্মিলনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন, চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামফোছা, ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দুল ফটাহ অল ছিছি, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাবোৱো ছুবিয়াণ্টো, ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ন, আবুধাবিৰ যুৱৰাজ শ্বেইখ খালেদ বিন মহম্মদ বিন জায়েদ অল নাহয়ানকে ধৰি আগশাৰীৰ নেতাসকলক প্ৰতিনিধিত্ব কৰিব...

August 4, 2026 8:09 PM

views 14

হায়দৰাবাদত আজিৰে পৰা দুদিনীয়া ব্ৰীকচ্‌ৰ দূৰ্নীতি নিবাৰক কাৰ্যকৰী গোটৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত

হায়দৰাবাদত আজিৰে পৰা দুদিনীয়া ব্ৰীকচ্‌ৰ দূৰ্নীতি নিবাৰক কাৰ্যকৰী গোটৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হৈছে। দুদিনীয়া বৈঠকত সম্পত্তি উদ্ধাৰৰ ওপৰত ব্ৰীকচ্ বিশেষজ্ঞ গোটৰ দ্বিতীয়খন বৈঠক অন্তৰ্ভুক্ত কৰা হয়। উদ্বোধনী অধিবেশনত মুখ্য অতিথি হিচাপে ভাৰত চৰকাৰৰ কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ সচিব ৰশ্না শ্বাহে প্রতিনিধিসকলক সম্বোধন কৰি পলাতক বিচাৰি উলিওৱা, প্ৰত্যাপনৰ সমৰ্থন, চুৰি সম্পত্তি উদ্ধাৰ আৰু অপৰাধী আৰু অবৈধ ধনৰ সীমা অতিক্ৰম কৰি চলাচল কৰিব পৰা সুৰুঙা বন্ধ কৰাৰ বাবে অধিক সহযোগিতাৰ আহ্বান জনায়। বহনক্ষম আ...

July 15, 2026 12:49 PM

views 18

আজিৰে পৰা হায়দৰাবাদত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ আয়োজন

ভাৰতে আজিৰ পৰা হায়দৰাবাদত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ আয়োজন কৰিছে। সুস্থিৰতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতাৰ হকে নির্মাণ বিষয়ক অধ্যক্ষতাৰ মূল বিষয় হিচাপে লৈ ভাৰতে এই দুদিনীয়া বৈঠকত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য দেশসমূহৰ শ্ৰম আৰু নিয়োগ মন্ত্রী তথা উচ্চপদস্থ বিষয়াসকলক একত্রিত কৰিব। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াই বৈঠকত সভাপতিত্ব কৰিব। বৈঠকত সামাজিক সুৰক্ষা, শ্রম বজাৰৰ আনুষ্ঠানিকীকৰণ, কর্মক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ আৰু অন্তৰ্ভুক্তি বৃ...

July 7, 2026 6:26 PM

views 19

কাইলৈৰ পৰা দুদিনীয়াকৈ ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলাৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক

ভাৰতে কাইলৈৰ পৰা দুদিনীয়াকৈ ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলাৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক আয়োজন কৰিছে। কেৰালাৰ কোচ্চিত আয়োজিত এই বৈঠকৰ বিষয়ে প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে ব্ৰীকছ গোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহৰ মন্ত্ৰীসকলে পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ লগতে মহিলা নেতৃত্বাধীন উন্নয়নৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰাব। ব্ৰীকছ সদস্য ৰাষ্ট্ৰসমূহৰ মাজৰ সহযোগিতাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও এই বৈঠকত আলোচনা কৰা হ'ব। মন্ত্ৰী পৰ্যায়ৰ ...

July 7, 2026 12:03 PM

views 30

কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত অনুষ্ঠিত ব্ৰীকছ ৰাষ্ট্ৰৰ মাদক দ্রব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি

কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰীকছ ৰাষ্ট্ৰৰ মাদক দ্রব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি পৰিব। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্রব্য নিয়ন্ত্রণ সংস্থাৰ উদ্যোগত কালিৰে পৰা অনুষ্ঠিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰীকছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্রব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশ লৈছে। ভাৰতীয় প্ৰতিনিধিদলৰ নেতৃত্বত থকা মাদকদ্রব্য নিয়ন্ত্ৰণ ব্যুৰোৰ সঞ্চালক প্রধান অনুৰাগ গাৰ্গে এই বৈঠক ম...

July 6, 2026 1:01 PM

views 22

গুৱাহাটীত আজিৰে পৰা ব্ৰীকছ ৰাষ্ট্ৰৰ মাদক দ্রব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক

কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজি  ব্ৰীকছ ৰাষ্ট্ৰৰ মাদক দ্রব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। গৃহ মন্ত্ৰ্যালয়ৰ অধীনৰ মাদক দ্রব্য নিয়ন্ত্রণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰীকছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্রব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে মত প্ৰকাশ কৰিব। এই আলোচনাত মাদক দ্রব্য সৰবৰাহৰ বিৰুদ্ধে চোৰাংচোৱাৰ তথ্য বিনিময় আৰু কাৰ্যকৰী সমন্বয় শক্তিশালী কৰা, সামৰ্থ বৃদ্ধি আৰু প্ৰ...