ভাৰতে আজিৰ পৰা হায়দৰাবাদত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ আয়োজন কৰিছে। সুস্থিৰতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতাৰ হকে নির্মাণ বিষয়ক অধ্যক্ষতাৰ মূল বিষয় হিচাপে লৈ ভাৰতে এই দুদিনীয়া বৈঠকত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য দেশসমূহৰ শ্ৰম আৰু নিয়োগ মন্ত্রী তথা উচ্চপদস্থ বিষয়াসকলক একত্রিত কৰিব। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াই বৈঠকত সভাপতিত্ব কৰিব। বৈঠকত সামাজিক সুৰক্ষা, শ্রম বজাৰৰ আনুষ্ঠানিকীকৰণ, কর্মক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ আৰু অন্তৰ্ভুক্তি বৃদ্ধি- এই চাৰিটা বিষয়ত মন্ত্ৰীসকলে অগ্ৰাধিকাৰভিত্তিক আলোচনাত ভাগ ল’ব। এই বৈঠকত নিয়োগ কাৰ্য্যগোটে প্রস্তুত কৰা ঘোষণাৰ খচৰা আলোচনা কৰি তাত অনুমোদন জনোৱা হ’ব। শ্রম বজাৰ নীতি, শ্রমিক কল্যাণ, দক্ষতা বিকাশ আৰু সৰ্বাংগীন নিয়োগৰ ক্ষেত্ৰত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠী দেশসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰা আৰু একে সময়তে পৰিৱৰ্তিত কৰ্ম জগতত সুস্থিৰতা আৰু বহনক্ষম বৃদ্ধিৰ প্ৰসাৰৰ লক্ষ্যৰে এই ঘোষণা প্ৰস্তুত কৰা হৈছে।
Assamese | July 15, 2026 12:49 PM | Bricks Meeting
আজিৰে পৰা হায়দৰাবাদত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ আয়োজন