কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰীকছ ৰাষ্ট্ৰৰ মাদক দ্রব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি পৰিব। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্রব্য নিয়ন্ত্রণ সংস্থাৰ উদ্যোগত কালিৰে পৰা অনুষ্ঠিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰীকছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্রব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশ লৈছে। ভাৰতীয় প্ৰতিনিধিদলৰ নেতৃত্বত থকা মাদকদ্রব্য নিয়ন্ত্ৰণ ব্যুৰোৰ সঞ্চালক প্রধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয়, যে ড্ৰাগছৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্রব্যসমূহৰ ব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰীকছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ বৃদ্ধি আৰু এই সন্দৰ্ভত স্থিতি দৃঢ় হ’ব লাগিব। তেওঁ ডার্ক নেট মঞ্চৰ জৰিয়তে সীমান্তৰ সিপাৰৰ পৰা মাদকদ্ৰব্যৰ সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ পোষকতা কৰে।
ব্ৰীকছ ৰাষ্ট্ৰসমূহৰ মাজত মাদকদ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নির্মূল কৰাৰ বাবে আজি উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণ কৰা হ’ব।