২০২১ চনৰ পৰা চৰকাৰে ৰাজ্যত ৩ হাজাৰ ২৫৩ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে। এই সময়ছোৱাত ড্ৰাগছ সৰবৰাহত জড়িত ২৬ হাজাৰ ৫০০ ৰো অধিক লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। শেহতীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত ১৮ সংখ্যক ব্ৰিক্ছ সন্মিলনত ড্ৰাগছৰ বিৰুদ্ধে সামুহিক যুঁজ দিয়াৰ সংকল্প গ্ৰহণ কৰা হৈছে। সন্মিলনত গুৱাহাটী ঘোষণা পত্ৰক অধিক গুৰুত্ব দিয়াত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সন্তুষ্টি প্ৰকাশ কৰিছে। ড্ৰাগছ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যকৰী হোৱাকৈ কাৰিকৰী দিশত সহযোগিতা শক্তিশালী কৰাত অসমৰ ভূমিকাৰ এয়া স্বীকৃতি বুলি মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। ইতিপূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমত প্ৰকাশ কৰা মতে ২০২১ চনত অসম আৰক্ষীয়ে চাৰি হাজাৰ ১৭৫ জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ২০২৫ চনত অসম আৰক্ষীয়ে ৪ হাজাৰ ৯০১ জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ২০২১ চনৰ পৰা চলিত বৰ্ষৰ জুলাই পর্যন্ত আৰক্ষীয়ে ১৪৮ টন হেৰ’ইন জব্দ কৰিছে। একেদৰে ২০২১ চনৰ পৰা চলিত বৰ্ষ পৰ্যন্ত আৰক্ষীয়ে ১৪৮ টন ভাং জব্দ কৰিছে। ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলিও মুখ্যমন্ত্রীয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে।
Assamese | September 15, 2026 12:43 PM | Bricks Meeting
১৮ সংখ্যক ব্ৰিক্ছ সন্মিলনত ড্ৰাগছৰ বিৰুদ্ধে সামুহিক যুঁজ দিয়াৰ সংকল্প গ্ৰহণ