September 11, 2026 8:46 PM | Bricks Meeting

printer

ব্ৰীকচ শীর্ষ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে ইৰাণৰ ৰাষ্ট্ৰপতি নতুন দিল্লীত উপস্থিত

ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ন আজি ব্ৰীকচ শীর্ষ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে নতুন দিল্লীত উপস্থিত হৈছে। বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ বিভাগৰ ৰাজ্য মন্ত্ৰী শান্তনু ঠাকুৰে শ্ৰীপেজেস্কিয়নক আদৰণি জনায়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে কয় যে ভাৰত আৰু ইৰাণৰ মাজত সাংস্কৃতিক সমন্বয়ৰ লগতে দেশ দুখনৰ জনসাধাৰণৰ মাজতো বন্ধুত্বপূর্ণ সম্পর্ক আছে। ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাতেহ অল চিচিক আজি বিয়লি নতুন দিল্লীত প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠে বিমানবন্দৰত আদৰণি জনায়। অষ্টাদশ ব্ৰীকচ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে নাইজেৰিয়াৰ উপৰাষ্ট্ৰপতি কাচিম চেত্তিমা নতুন দিল্লীত উপস্থিত হৈছে। শ্ৰীজয়ছোৱালে কয়, যে ভাৰত আৰু নাইজেৰিয়াৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্বমূলক সম্পর্ক আছে আৰু উপৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্রমণে দেশ দুখনৰ মাজৰ বন্ধুত্বমূলক সম্পৰ্কৰ্ক আৰু অধিক সুদৃঢ় কৰিব।