September 11, 2026 8:43 PM | Bricks Meeting

printer

ভাৰত মণ্ডপমত ব্ৰীকচ ব্যৱসায়িক মঞ্চৰ নেতাসকলৰ আলোচনা সত্ৰ অনুষ্ঠিত

নতুন দিল্লীৰ ভাৰত মণ্ডপমত ব্ৰীকচ ব্যৱসায়িক মঞ্চৰ নেতাসকলৰ আলোচনা সত্ৰ চলি আছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীকে ধৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিন, ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ন, আৰু দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামফোছাকে ধৰি ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলেও এই আলোচনাত ভাগ লৈছে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিযুষ গোৱেলে কয়, যে ভাৰতৰ নেতৃত্বত ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত ব্যৱসায়িক ভাৰসাম্যতা বৃদ্ধি কৰাৰ লগতে উদ্যোগিক প্ৰসাৰৰ বাবে এই ৰাষ্ট্ৰগোষ্ঠীয়ে এটা নিৰ্দিষ্ট লক্ষ্য লৈ আগবাঢ়িছে। তেওঁ কয়, যে ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীসমূহৰ ৰপ্তানীৰ পৰিমাণ ২০০৩ চনৰ ৯০০ মিলিয়ন আমেৰিকান ডলাৰৰ বিপৰীতে ২০২৪ চনত এই ৰপ্তানিৰ পৰিমাণ ৬ ত্ৰিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি পাইছে। তেঁও কয় যে এই সফলতাই ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীৰ বজাৰ আৰু সম্ভাৱনীয়তাকে প্রতিফলিত কৰিছে। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰত, ব্ৰীকচ অৰ্থব্যৱস্থা গঢ়ি তোলা ৰাষ্ট্ৰসমূহে যাতে এই সহযোগিতা লাভ কৰে সেইটো সুনিশ্চিত কৰাৰ বাবে দৃঢ় প্রতিশ্রুতিবদ্ধ। তেওঁ কয় যে এই সহযোগিতাই কৃষকসকলক লাভান্বিত কৰাৰ লগতে ব্যৱসায়ৰ ক্ষেত্ৰত মহিলাসকলক সৱল কৰি তোলাৰ লগতে যুৱ উদ্যোগী আৰু অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক নতুন সুযোগ প্ৰদান কৰিব লাগিব। শ্রীগোৱেলে কয় যে এইবাৰৰ ব্ৰীকচ ব্যৱসায়িক মঞ্চ সৰ্ববৃহৎ সন্মিলন হিচাপে পৰিগণিত হৈছে কিয়নো এইবাৰ এই সন্মিলনত বিভিন্ন সদস্য ৰাষ্ট্ৰ, বন্ধুৰাষ্ট্ৰৰ ২ হেজাৰকৈ অধিক আগশাৰীৰ ব্যৱসায়িক নেতৃত্ব, প্রতিনিধিয়ে অংশগ্রহণ কৰে।