কাইলৈৰ পৰা দুদিনীয়াকৈ ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলাৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক

ভাৰতে কাইলৈৰ পৰা দুদিনীয়াকৈ ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলাৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক আয়োজন কৰিছে। কেৰালাৰ কোচ্চিত আয়োজিত এই বৈঠকৰ বিষয়ে প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে ব্ৰীকছ গোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহৰ মন্ত্ৰীসকলে পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ লগতে মহিলা নেতৃত্বাধীন উন্নয়নৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰাব। ব্ৰীকছ সদস্য ৰাষ্ট্ৰসমূহৰ মাজৰ সহযোগিতাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও এই বৈঠকত আলোচনা কৰা হ’ব।

মন্ত্ৰী পৰ্যায়ৰ এই বৈঠকখনে মহিলাৰ নেতৃত্ব ত্বৰান্বিত কৰা, অর্থনৈতিক সুযোগ-সুবিধাৰ সম্প্ৰসাৰণ তথা ডিজিটেল আৰু বিত্তীয় অন্তর্ভুক্তি শক্তিশালী কৰি তোলাৰ বাবে উচ্চ পৰ্যায়ৰ আলোচনাৰ এখন মঞ্চ হিচাপে ভূমিকা পালন কৰিব

উল্লেখযোগ্য যে মন্ত্ৰীপৰ্যায়ৰ এই বৈঠকৰ পৰৱৰ্তী সময়ত ব্ৰীকছ গোষ্ঠীৰ মহিলা কর্মীবাহিনীৰ এখন বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত মহিলাসকলক সামৰি লোৱা ব্ৰীকছৰ অগ্ৰাধিকাৰৰ বিষয়সমূহকলৈ আলোচনা কৰা হ’ব বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।