September 14, 2026 9:31 PM

views 12

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী বিশেষজ্ঞই ভাৰতে অষ্টাদশ ব্রিকচ শীৰ্ষ সন্মিলন সফলতাৰে আয়োজন কৰা বুলি অভিহিত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী বিশেষজ্ঞই ভাৰতে অষ্টাদশ ব্রিকচ শীৰ্ষ সন্মিলন সফলতাৰে আয়োজন কৰা বুলি অভিহিত কৰিছে। এই শীর্ষ সন্মিলনত গৃহীত নতুন দিল্লী ঘোষণা পত্রই ভিন্ন মতাদৰ্শ থকা দেশসমূহৰ মাজতো সহমত গঢ়ি তোলাৰ ক্ষেত্ৰত ইয়াৰ সফলতাক প্ৰতিফলিত কৰিছে বুলি বিশ্লেষকগৰাকীয়ে মন্তব্য কৰিছে। আটলাণ্টিক পৰিষদৰ দক্ষিণ এছিয়া বিভাগৰ জ্যেষ্ঠ গৱেষক মাইকেল কুগেলমেনে কৈছে যে এই ঘোষণাপত্ৰই ভাৰতৰ সমন্বয় শক্তিৰ বৃদ্ধিৰ লগতে ব্ৰিকচ ৰাষ্ট্ৰগোটৰ প্ৰতি ক্ৰমবৰ্ধমান আকর্ষণকে প্রতিফলিত কৰে। উল্লেখযোগ্য য এই ঘোষণাপত্ৰখনে ...

September 14, 2026 8:16 PM

views 20

BRICS শীর্ষ সন্মিলন, ২০২৬-ৰ সফলতাৰ বাবে প্রধানমন্ত্ৰী মোদীক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অভিনন্দন

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লীত অনুষ্ঠিত BRICS শীর্ষ সন্মিলন, ২০২৬-ৰ সফলতাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে। তেওঁ কয়, যে এই শীর্ষ সন্মিলনৰ সফলতাই গোলকীয় পৰ্যায়ত গভীৰ প্ৰভাৱ পেলাব। শ্ৰী সিঙে উল্লেখ কৰে যে ঐতিহাসিক নতুন দিল্লী ঘোষণা পত্ৰ কেৱল নথি নহয়, বৰঞ্চ এয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ বৰ্ধিত গোলকীয় প্ৰভাৱৰ প্ৰমাণ। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বত BRICS-ৰ অধ্যক্ষ হিচাপে ভ...

September 13, 2026 6:55 PM

views 14

নতুন দিল্লীত অষ্টাদশ ব্রীকছ শীর্ষ সন্মিলনৰ সামৰণি

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টাদশ ব্রীকছ শীর্ষ সম্মিলনৰ আজি সামৰণি পৰে। শীর্ষ সম্মিলনখনৰ অন্তিম দিনা অনুষ্ঠিত মুকলি অধিৱেশনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে। মহামাৰী, জলবায়ু বিপর্যয় আৰু যোগান শৃংখলাৰ বাধাৰ পৰা বৰ্তমানৰ পৰস্পৰ নিৰ্ভৰশীল বিশ্বত কোনো বিপর্যয়ে যে মাত্র এটা অঞ্চলত সীমাবদ্ধ হৈ নাথাকে সেয়া স্পষ্ট হৈ পৰা বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয়, যে ব্ৰীকছ ৰাষ্টসমূহে এনেধৰণৰ স্থিতিৰ কথা বিবেচনা কৰিয়ে ৰাষ্ট্ৰগোষ্ঠীটোৰ মাজত স্থিতিস্থাপক আৰু বিপৰ্যয়ৰ সম্মুখীন হ...

September 13, 2026 11:08 AM

views 21

ব্রীকচ শীর্ষ সন্মিলনৰ নতুন দিল্লী ঘোষণা পত্ৰত গুৱাহাটীৰ নাম উল্লেখ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ ভূয়সী প্রশংসা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ব্রীকচ শীর্ষ সন্মিলনৰ নতুন দিল্লী ঘোষণা পত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীৰ নাম উল্লেখ কৰাক লৈ সন্তুষ্টি প্রকাশ কৰিছে। ড০ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত কয়, যে ব্রীকচ ৰাষ্ট্ৰসমূহৰ ড্ৰাগছ বিৰোধী সংস্থাৰ অংশীদাৰসকলৰ বৈঠকত গ্ৰহণ কৰা গুৱাহাটী ঘোষণাক আনুষ্ঠানিকভাবে স্বীকৃতি দিয়াটো ৰাজ্যৰ বাবে ঐতিহাসিক ক্ষণ। ড্ৰাগছৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যকৰী হোৱাকৈ কাৰিকৰী দিশৰ সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত অসমৰ ভূমিকাৰ বাবে এয়া বিৰল...

September 13, 2026 10:35 AM

views 17

ব্রীকচ ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ পেহেলগাম সন্ত্রাসবাদী আক্রমণক তীব্ৰ গৰিহণা

ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে বিগত বৰ্ষৰ ২২ এপ্ৰিলৰ জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছে। এটা যুটীয়া বিবৃতিত ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে সকলো প্ৰকাৰৰ সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ সংকল্পৰ কথা দোহাৰে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ব্রীকচ ৰাষ্টগোষ্ঠীৰ অষ্টাদশ সন্মিলনৰ কালি প্রথম দিনা সর্বসম্মতিক্রমে গৃহীত নতুন দিল্লী ঘোষণা পত্রত সকলো প্ৰকাৰৰ সন্ত্রাসবাদেই অপৰাধ আৰু ইয়াৰ সপক্ষে কোনো যুক্তি থাকিব নোৱাৰে বুলি উল্লেখ কৰা হৈছে। ব্রীকচৰ নেতাসকলে সদস্য ৰাষ্ট্...

September 12, 2026 4:51 PM

views 11

ব্ৰিক্‌ছ সন্মিলন ২০২৬-ত দেশৰ উচ্চশিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ উদ্ভাৱনসমূহ বিশ্বৰ বিভিন্ন ক্ষেত্ৰত প্ৰসাৰিত হ’বঃ প্ৰহ্লাদ যোশী

ব্ৰিক্‌ছ সন্মিলন ২০২৬-ত দেশৰ উচ্চশিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ উদ্ভাৱনসমূহ বিশ্বৰ বিভিন্ন ক্ষেত্ৰত প্ৰসাৰিত হ'ব। সামাজিক মাধ্যমযোগে কেন্দ্রীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে ব্ৰিক্‌ছ সন্মিলনৰ আপাহতে বিভিন্ন দেশৰ বিশিষ্ট ব্যক্তিক আদৰণি জনোৱাটো দেশৰ বাবে অতি গৌৰৱৰ বিষয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত দেশৰ উদ্ভাৱনৰ ক্ষেত্ৰখন ত্বৰান্বিত হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয়, যে দেশৰ এই উদ্ভাৱন যাত্ৰাই সমগ্ৰ বিশ্বতে প্ৰভাৱ পেলাই...

September 12, 2026 4:38 PM

views 10

অষ্টাদশ ব্ৰীকছ শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী ড০ আবি আহমেদ আলীৰ সৈতে প্রধানমন্ত্ৰী মোদীৰ দ্বিপাক্ষিক আলোচনা

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অষ্টাদশ ব্ৰীকছ শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী ড০ আবি আহমেদ আলীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এটা বিবৃতিত প্ৰকাশ পোৱা অনুসৰি দুয়োগৰাকী নেতাই দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই অর্থনৈতিক সহযোগিতা, প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ অংশীদাৰিত্ব আৰু সামৰ্থ বিকাশকে ধৰি মূল খণ্ডসমূহৰ অগ্ৰগতিৰ পৰ...

August 21, 2026 8:21 PM

views 28

পুনেত BRICS ৰাষ্ট্ৰগোষ্ঠীৰ যোগাযোগ মন্ত্রীসকলৰ দ্বাদশ বৈঠকৰ সামৰণি

আমাৰ দেশে এটা বহনক্ষম, বিশ্বাসী, উদ্ভাবনীমূলক, শক্তিশালী আৰু সর্বাত্মক ডিজিটেল ভৱিষ্যত গঢ়ি তোলাৰ লক্ষ্য নির্ধাৰণ কৰিছে বুলি কেন্দ্ৰীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই প্রকাশ কৰিছে। পুনেত আজি BRICS ৰাষ্ট্ৰগোষ্ঠীৰ যোগাযোগ মন্ত্রীসকলৰ দ্বাদশ বৈঠকৰ সামৰণি সত্ৰত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতে ডিজিটেল খণ্ডৰ দুৰ্বলতাসমূহ আঁতৰোৱা, বহনক্ষম ব্যবস্থা গঢ়ি তোলা, উদ্ভাবনক প্রাধান্য দিয়া আৰু সাম্য বৃদ্ধিৰ জৰিয়তে বহনক্ষম ডিজিটেল ৰূপান্তৰকৰণৰ বাবে কেইবাটাও প্রয়োজনীয় পদক্ষেপৰ প্ৰস্তাৱ হাতত লৈছে। উল্লেখযোগ...

July 8, 2026 1:55 PM

views 32

ব্ৰীকচ সদস্য ৰাষ্ট্ৰৰ মাদক দ্রব্য বিৰোধী সংস্থাৰ মুৰব্বীসকলৰ গুৱাহাটীত অনুষ্ঠিত দুদিনীয়া বৈঠকৰ কালি সামৰণি পৰে

ব্ৰীকচ সদস্য ৰাষ্ট্ৰৰ মাদক দ্রব্য বিৰোধী সংস্থাৰ মুৰব্বীসকলৰ গুৱাহাটীত অনুষ্ঠিত দুদিনীয়া বৈঠকৰ কালি সামৰণি পৰে। কালিৰ কাৰ্যসূচীত গ্ৰহণ কৰা ঘোষণা পত্রমর্মে মাদক দ্রব্যমুক্ত বিশ্ব গঢ়ি তোলাৰ বাবে সংকল্প গ্রহণ কৰা হয়। কেন্দ্ৰীয় মাদক দ্রব্য নিয়ন্ত্রণ সংস্থাৰ সঞ্চালক প্রধান অনুৰাগ গাৰ্গে দেশত ব্ৰীকচ্ ভার্চুৱেল কর্মবাহিনী গঠন কৰি এই ক্ষেত্ৰত কাম কৰি যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। গৃহ মন্ত্ৰ্যালয়ৰ অধীনৰ মাদক দ্রব্য নিয়ন্ত্রণ সংস্থাৰ উদ্যোগত সোমবাৰৰ পৰা অনুষ্ঠিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু...

July 7, 2026 6:26 PM

views 24

কাইলৈৰ পৰা দুদিনীয়াকৈ ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলাৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক

ভাৰতে কাইলৈৰ পৰা দুদিনীয়াকৈ ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলাৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক আয়োজন কৰিছে। কেৰালাৰ কোচ্চিত আয়োজিত এই বৈঠকৰ বিষয়ে প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে ব্ৰীকছ গোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহৰ মন্ত্ৰীসকলে পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ লগতে মহিলা নেতৃত্বাধীন উন্নয়নৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰাব। ব্ৰীকছ সদস্য ৰাষ্ট্ৰসমূহৰ মাজৰ সহযোগিতাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও এই বৈঠকত আলোচনা কৰা হ'ব। মন্ত্ৰী পৰ্যায়ৰ ...