September 13, 2026 11:08 AM | BRICS 2026

printer

ব্রীকচ শীর্ষ সন্মিলনৰ নতুন দিল্লী ঘোষণা পত্ৰত গুৱাহাটীৰ নাম উল্লেখ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ ভূয়সী প্রশংসা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ব্রীকচ শীর্ষ সন্মিলনৰ নতুন দিল্লী ঘোষণা পত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীৰ নাম উল্লেখ কৰাক লৈ সন্তুষ্টি প্রকাশ কৰিছে।

ড০ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত কয়, যে ব্রীকচ ৰাষ্ট্ৰসমূহৰ ড্ৰাগছ বিৰোধী সংস্থাৰ অংশীদাৰসকলৰ বৈঠকত গ্ৰহণ কৰা গুৱাহাটী ঘোষণাক আনুষ্ঠানিকভাবে স্বীকৃতি দিয়াটো ৰাজ্যৰ বাবে ঐতিহাসিক ক্ষণ।

ড্ৰাগছৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যকৰী হোৱাকৈ কাৰিকৰী দিশৰ সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত অসমৰ ভূমিকাৰ বাবে এয়া বিৰল কৃতিত্ব বুলি তেওঁ অভিহিত কৰে।

তেওঁ কয়, যে দক্ষিণ-পূব এছিয়াৰ সৈতে ভাৰতৰ সংযোগৰ গুৰুত্বপূৰ্ণ দুৱাৰ হিচাপে অসমে ড্ৰাগছৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে যুঁজখনত বিশেষ ভূমিকা পালন কৰি আহিছে।

ভাৰতৰ অধ্যক্ষতাত গ্রহণ কৰা এই ঐতিহাসিক ঘোষণা পত্ৰই বহুপাক্ষিক সংস্কাৰ, সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজ, নতুন যুগৰ প্ৰযুক্তি, কৃষি আৰু বন্যপ্রাণী সংৰক্ষণকে ধৰি বহু গুৰুত্বপূৰ্ণ বিষয়ত বিশ্বৰ আগশাৰীৰ শক্তিসমূহৰ মাজত সহযোগিতা আৰু ঐক্যমতৰ শক্তিশালী বার্তা বহন কৰিছে বুলি মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে।