ব্ৰিক্‌ছ সন্মিলন ২০২৬-ত দেশৰ উচ্চশিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ উদ্ভাৱনসমূহ বিশ্বৰ বিভিন্ন ক্ষেত্ৰত প্ৰসাৰিত হ’বঃ প্ৰহ্লাদ যোশী

ব্ৰিক্‌ছ সন্মিলন ২০২৬-ত দেশৰ উচ্চশিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ উদ্ভাৱনসমূহ বিশ্বৰ বিভিন্ন ক্ষেত্ৰত প্ৰসাৰিত হ’ব। সামাজিক মাধ্যমযোগে কেন্দ্রীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এইদৰে প্ৰকাশ কৰে।

তেওঁ কয়, যে ব্ৰিক্‌ছ সন্মিলনৰ আপাহতে বিভিন্ন দেশৰ বিশিষ্ট ব্যক্তিক আদৰণি জনোৱাটো দেশৰ বাবে অতি গৌৰৱৰ বিষয়।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত দেশৰ উদ্ভাৱনৰ ক্ষেত্ৰখন ত্বৰান্বিত হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয়, যে দেশৰ এই উদ্ভাৱন যাত্ৰাই সমগ্ৰ বিশ্বতে প্ৰভাৱ পেলাইছে।