আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী বিশেষজ্ঞই ভাৰতে অষ্টাদশ ব্রিকচ শীৰ্ষ সন্মিলন সফলতাৰে আয়োজন কৰা বুলি অভিহিত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী বিশেষজ্ঞই ভাৰতে অষ্টাদশ ব্রিকচ শীৰ্ষ সন্মিলন সফলতাৰে আয়োজন কৰা বুলি অভিহিত কৰিছে। এই শীর্ষ সন্মিলনত গৃহীত নতুন দিল্লী ঘোষণা পত্রই ভিন্ন মতাদৰ্শ থকা দেশসমূহৰ মাজতো সহমত গঢ়ি তোলাৰ ক্ষেত্ৰত ইয়াৰ সফলতাক প্ৰতিফলিত কৰিছে বুলি বিশ্লেষকগৰাকীয়ে মন্তব্য কৰিছে।

আটলাণ্টিক পৰিষদৰ দক্ষিণ এছিয়া বিভাগৰ জ্যেষ্ঠ গৱেষক মাইকেল কুগেলমেনে কৈছে যে এই ঘোষণাপত্ৰই ভাৰতৰ সমন্বয় শক্তিৰ বৃদ্ধিৰ লগতে ব্ৰিকচ ৰাষ্ট্ৰগোটৰ প্ৰতি ক্ৰমবৰ্ধমান আকর্ষণকে প্রতিফলিত কৰে।

উল্লেখযোগ্য য এই ঘোষণাপত্ৰখনে এক সক্রিয় শুল্ক আৰু শুল্কবিহীন ব্যৱস্থাসমূহে বিশ্ব বাণিজ্যক বিঘ্নিত কৰাৰ লগতে বিশ্ব বাণিজ্য সংস্থাৰ নিয়ম, উলংঘা কৰা বুলি উল্লেখ কৰি এই সন্দৰ্ভত উদ্বেগ প্রকাশ কৰিছে।

তদুপৰি সন্ত্ৰাসবাদ, সংঘাত প্ৰতিৰোধ আৰু শান্তি পূৰ্ণ বিবাদ নিস্পত্তিৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ প্রয়োজনতো ইয়াত গুৰুত্ব আৰোপ কৰা হৈছে।

তেওঁ লগতে এই ঘোষণাপত্রই ব্ৰিকচৰ ৰাষ্ট্ৰসমূহৰ মাজত আন্তঃবাণিজ্য বৃদ্ধিত গুৰুত্ব আৰোপ কৰাৰ লগতে এনে প্ৰচেষ্টাই পশ্চিমীয়া নেতৃত্বৰ অৰ্থনীতি আৰু বিত্তীয় প্রতিষ্ঠানসমূহৰ বিকল্প হিচাপে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰাত সহায় কৰিব বুলিও উল্লেখ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।