BRICS শীর্ষ সন্মিলন, ২০২৬-ৰ সফলতাৰ বাবে প্রধানমন্ত্ৰী মোদীক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অভিনন্দন

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লীত অনুষ্ঠিত BRICS শীর্ষ সন্মিলন, ২০২৬-ৰ সফলতাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে। তেওঁ কয়, যে এই শীর্ষ সন্মিলনৰ সফলতাই গোলকীয় পৰ্যায়ত গভীৰ প্ৰভাৱ পেলাব। শ্ৰী সিঙে উল্লেখ কৰে যে ঐতিহাসিক নতুন দিল্লী ঘোষণা পত্ৰ কেৱল নথি নহয়, বৰঞ্চ এয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ বৰ্ধিত গোলকীয় প্ৰভাৱৰ প্ৰমাণ।

সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বত BRICS-ৰ অধ্যক্ষ হিচাপে ভাৰতে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতাক অগ্ৰাধিকাৰ দিছে।

ভাৰতে BRICSৰ সহযোগিতাত প্ৰত্যক্ষভাৱে জনসাধাৰণৰ সৈতে সংযোজিত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি শ্ৰী সিঙে উল্লেখ কৰে। তেওঁ কয়, যে এই সৰ্বাংগীন আৰু মানৱকেন্দ্ৰিক পদক্ষেপ BRICS শীৰ্ষ সন্মিলনৰ মূল বৈশিষ্ট হৈ পৰে।