September 14, 2026 8:16 PM

views 20

BRICS শীর্ষ সন্মিলন, ২০২৬-ৰ সফলতাৰ বাবে প্রধানমন্ত্ৰী মোদীক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অভিনন্দন

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লীত অনুষ্ঠিত BRICS শীর্ষ সন্মিলন, ২০২৬-ৰ সফলতাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে। তেওঁ কয়, যে এই শীর্ষ সন্মিলনৰ সফলতাই গোলকীয় পৰ্যায়ত গভীৰ প্ৰভাৱ পেলাব। শ্ৰী সিঙে উল্লেখ কৰে যে ঐতিহাসিক নতুন দিল্লী ঘোষণা পত্ৰ কেৱল নথি নহয়, বৰঞ্চ এয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ বৰ্ধিত গোলকীয় প্ৰভাৱৰ প্ৰমাণ। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বত BRICS-ৰ অধ্যক্ষ হিচাপে ভ...

September 10, 2026 2:29 PM

views 11

কলম্বোত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ড° হৰিণি অমৰসূৰ্যক সাক্ষাৎ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি কলম্বোত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ড° হৰিণি অমৰসূৰ্যক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই উন্নয়নমূলক সহযোগিতাকে ধৰি বিভিন্ন বিষয় লৈ আলোচনা কৰে। বৈঠকত শিক্ষা, তথ্য-প্রযুক্তি, আন্তঃগাঁথনি, উদ্ভাৱন আৰু গৱেষণাকে ধৰি পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন বিষয়ৰ পৰ্যালোচনা কৰা হয়। দুয়োগৰাকী নেতাই ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্রাচীন কালৰেপৰা থকা সভ্যতাজনিত সম্পৰ্কৰ বিষয়ে আলোচনা কৰে আৰু জনসাধাৰণৰ সম্পৰ্কই এই বান্ধোন অধিক কটকটীয়া কৰা বুলি মত পোষণ কৰে। বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী স...

August 19, 2026 8:33 PM

views 26

মহাৰাজা বীৰ বিক্ৰম কিশোৰ মানিক্য বাহাদুৰৰ ১১৮ সংখ্যক জন্ম জয়ন্তীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শ্রদ্ধাঞ্জলি

আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মানিক্য বাহাদুৰৰ ১১৮ সংখ্যক জন্ম জয়ন্তীত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰীসিঙে কয় যে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মানিক্য বাহাদুৰে ত্ৰিপুৰাৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল। যাৰ ফলস্বৰূপে তেওঁৰ শাসনকালত কৃষি স্বাস্থ্য সেৱা, শিক্ষা, আন্তঃগাথনি আৰু যোগাযোগ খণ্ডত যথেষ্ট উন্নয়ন পৰিলক্ষিত হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ কয় যে বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয়ৰ প্ৰসাৰৰ বিষয়টোৱে প্ৰজন্মৰ পাছত প্ৰজন...

July 13, 2026 6:05 PM

views 18

লক্ষ্ণৌ-কাণপুৰ সংযোগী এক্সপ্ৰেছ ৱেৰ শুভাৰম্ভ

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে আজি বিয়লি লক্ষ্ণৌ-কাণপুৰ সংযোগী এক্সপ্ৰেছ ৱেৰ শুভাৰম্ভ কৰিব। তেওঁলোকে পথছোৱা পৰিদৰ্শন কৰি উন্নাৱৰ ৪৯ কিলোমিটাৰত পথছোৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব। ৬টা লেনযুক্ত এই এক্সপ্ৰেছ ৱেত দেশৰ দ্বিতীয় দীর্ঘতম এলিভেটেড কৰ্ডিৰ আছে আৰু সম্পূর্ণ স্বয়ংক্রিয় তথা যন্ত্ৰ নিৰ্ভৰ প্ৰযুক্তি শৈলীৰে ইয়াক নিৰ্মাণ কৰা হৈছে। এই পথছোৱাত গতিবেগৰ সীমা নির্ধাৰণৰ বাবে কৃত্রিম বুদ্ধিমত্তা ব্...

July 7, 2026 6:28 PM

views 18

প্রধানমন্ত্ৰী মোদী বিনটাং আদিপূর্ণা অব্ দা ৰিপাব্লিক অব্ ইন্দোনেছিয়া সন্মানেৰে সন্মানিত হোৱাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অভিনন্দন জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিনটাং আদিপূর্ণা অব্ দা ৰিপাব্লিক অব্ ইন্দোনেছিয়া সন্মানেৰে সন্মানিত হোৱাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অভিনন্দন জ্ঞাপন কৰিছে। শ্রী সিঙে কয়, যে এই সন্মান প্রধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্ব, ৰূপান্তৰকামী মানসিকতা আৰু ভাৰতক বিকাশৰ দিশে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দৃঢ় সংকল্পৰ লগতে গোলকীয় অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি ব্যতিক্রমী স্বীকৃতি। শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে ইন্দোনেছিয়াৰ সৰ্বশ্ৰেষ্ঠ অসামৰিক সন্মান লাভ কৰাৰ বাবে শ্রী মোদীক অ...

June 13, 2026 5:56 PM

views 28

এয়াৰ ফ’ৰ্চ একাডেমীৰ ২১৭ সংখ্যক পাঠ্যক্রম সমাপ্তি উপলক্ষে আয়োজিত পেৰেডত ৰাজনাথ সিঙৰ অংশগ্ৰহণ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুনকৈ নিযুক্তি লাভ কৰা ভাৰতীয় বায়ু সেনাৰ বিষয়াসকলক পৰিৱৰ্তনশীল নিৰাপত্তাজনিত পৰিস্থিতিৰ সৈতে নিজকে খাপ খুৱাই ড্রোন, কৃত্ৰিম উপগ্ৰহ আৰু ৰবটিক্সকে ধৰি সমৰ প্ৰযুক্তিৰ নিত্য নতুন কৌশলৰ সৈতে পৰিচিত হ'বলৈ আগবাঢ়ি যাবলৈ আহ্বান জনাইছে। হায়দৰাবাদৰ দুন্দিগালত অৱস্থিত এয়াৰ ফ'ৰ্চ একাডেমীৰ ২১৭ সংখ্যক পাঠ্যক্রম সমাপ্তি উপলক্ষে আয়োজিত পেৰেডত ভাগ লৈ তেওঁ এইদৰে জনায়।

June 6, 2026 2:51 PM

views 32

বিশ্বৰ অধিকাংশ দেশেই অর্থনৈতিক ক্ষেত্ৰত অনিশ্চয়তাৰ সন্মুখীন হৈ অহা সময়ত ভাৰতে বিশ্বৰ দ্ৰুত বিকাশশীল অর্থনীতি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছেঃ ৰাজনাথ সিং

• প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে বিশ্বৰ অধিকাংশ দেশেই অর্থনৈতিক ক্ষেত্ৰত অনিশ্চয়তাৰ সন্মুখীন হৈ অহা বৰ্তমানৰ সময়ত ভাৰতে বিশ্বৰ দ্ৰুত বিকাশশীল গুৰুত্বপূৰ্ণ অর্থনৈতিক শক্তি হিচাপে নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৭.৭ শতাংশ হিচাপে নথিভুক্ত হোৱাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, যে শেহতীয়াকৈ বিগত ১২ বছৰতকৈ অধিক সময়ত ভাৰতীয় অর্থনীতিয়ে প্ৰদৰ্শন কৰা সহনশীলতা তথা অন্তর্নিহিত শক্তিৰ ফলত এই সাফল্য অর্জন কৰাটো সম্ভৱ হৈ উঠিছে। সামাজিক মাধ্যম...

June 4, 2026 8:04 PM

views 22

ফিল কমাণ্ডাৰৰ বাবে বিত্তীয় চিলিং দুগুণ বৃদ্ধিৰ অনুমোদন প্ৰতিৰক্ষা মন্ত্ৰীৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত ফিল কামাণ্ডাৰ সকলৰ বাবে বিত্তীয় ছিলিং দুগুণ বৃদ্ধিৰ অনুমোদন জনায়। তেওঁ চিকিৎসা আৰু কাৰ্যপ্রকল্পকে ধৰি প্ৰতিৰক্ষা সেৱাৰ বাবে সংশোধিত বিত্তীয় ক্ষমতাৰ প্রতিনিধিৰ দলটো ঘোষণা কৰে। প্ৰতিৰক্ষা মন্ত্রালয়ে জনাই যে, চলিত বৰ্ষৰ বাজেট আবণ্টনৰ সৈতে সংগতি ৰাখি বিত্তীয় ক্ষমতাৰ সংশোধীত প্রতিনিধি দলে ৰাজহৰ জৰিয়তে এক লাখ ২৫ হাজাৰ কোটিতকৈও অধিক টকাৰ সামগ্ৰী ক্ৰয়ৰ সুবিধা প্ৰদান কৰিব। লগতে প্রকাশ কৰে যে, বিত্তীয় ক্ষমতা ১০০ শতাংশ বৃদ্ধি কৰা হৈছে আৰু কিছুমান ক্ষেত্রত দুগ...

January 24, 2026 8:51 PM

views 167

সমগ্র বিশ্ব অনিশ্চয়তাৰ দিশত অগ্ৰসৰ হোৱাৰ সময়ত দেশৰ যুৱ প্ৰজন্ম শাৰীৰিক, মানসিক আৰু আৱেগিকভাৱে শক্তিশালী হোৱা উচিতঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, সমগ্র বিশ্ব অনিশ্চয়তাৰ দিশত অগ্ৰসৰ হোৱাৰ সময়ত দেশৰ যুৱ প্ৰজন্ম শাৰীৰিক, মানসিক আৰু আৱেগিকভাৱে শক্তিশালী হোৱা উচিত যাতে প্ৰতিটো প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পৰা যায়। দিল্লীৰ সেনবাহিনীৰ চাউনিত আজি ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ শিবিৰত কেডেটসকলক সম্বোধন কৰি তেওঁ কয়, যে অপাৰেচন সিন্দূৰৰ সময়ত সমগ্ৰ দেশতে আয়োজন কৰা জনজাগৰণ কাৰ্যসূচীত এন চি চি কেডেটসকলে সাহসিকতা আৰু সমৰ্পণেৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ এই অভিযানৰ সময়ত নিৰাপত্তা বাহিনীসমূহৰ পাছতে এন চি...

January 9, 2026 8:14 PM

views 55

লক্ষ্ণৌৰ সৰোজনী নগৰত বৈদ্যুতিক বাহনৰ কাৰখানা মুকলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উৎপাদনৰ দিশৰ পৰা দেশৰ প্ৰতিৰক্ষা খণ্ড আত্মনিৰ্ভৰশীল হোৱাৰ দিশে অগ্ৰসৰ হৈছে বুলি প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ সৰোজনী নগৰ অঞ্চলত ই ভি অৰ্থাৎ‍ বৈদ্যুতিক বাহনৰ কাৰখানা মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। কেন্দ্ৰীয় মন্ত্ৰী এইছ ডি কুমাৰাস্বামী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো এই অনুষ্ঠানত উপস্থিত থাকে। এই উপলক্ষে দিয়া ভাষণত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে বহু নিয়ম সৰলীকৃত কৰাৰ লগতে বিনিয়োগকাৰী আৰু ব্যৱসায়ীসকলৰ বিশ্বাস বৃদ্ধিৰ বাবে প্রয়োজনীয় ব্যৱস...