October 29, 2026 12:42 PM | Rajnath Singh

printer

ৰাজনাথ সিং আৰু কাং চিন ছুলৰ মাজত ফিলিপিন্সৰ চেবুত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী কাং চিন ছুলৰ মাজত ফিলিপিন্সৰ চেবুত কালি এখন ফলপ্রসূ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। আছিয়ান ৰাষ্ট্ৰগোষ্ঠীৰ দেশসমূহৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ ত্ৰয়োদশ বৈঠক, এ ডি ডি এম-প্লাছৰ আপাহতে এই দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ সময়ত দুয়োগৰাকী নেতাই উভয় দেশৰ মাজত থকা প্ৰতিৰক্ষা সহযোগিতা সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰে বুলি প্ৰতিৰক্ষা মন্ত্রালয়ে জানিবলৈ দিছে। আলোচনাকালত দুয়োগৰাকী মন্ত্ৰীয়ে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত নিৰাপত্তা শক্তিশালী কৰাৰ নিশ্চিত উপায়সমূহৰ বিষয়েও মত বিনিময় কৰে। তেওঁলোকে লগতে কৌশলগত সহযোগিতা শক্তিশালী কৰাৰ সন্দৰ্ভতো সন্তুষ্টি প্ৰকাশ কৰে। বৈঠকত মন্ত্ৰী দুয়োগৰাকীয়ে উভয় দেশৰ মাজত সামৰিক প্ৰযুক্তিৰ সহ বিকাশ, যুটীয়া ঔদ্যোগিক সহযোগিতা বৃদ্ধি আৰু সামুদ্ৰিক নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত বিশদ আলোচনা কৰে। ভাৰত আৰু দক্ষিণ কোৰিয়াকে ধৰি আছিয়ান ৰাষ্ট্ৰগোষ্ঠীৰ দেশসমূহৰ বাবে এই এ ডি ডি এম-প্লাছ বৈঠক নিৰাপত্তা আৰু কৌশলগত সহযোগিতা শক্তিশালী কৰাৰ বাবে অন্যতম মঞ্চ হৈ আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰে।