October 6, 2026 12:02 PM | Rajnath Singh

printer

বিশাখাপট্টনমত কেন্দ্রীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

কেন্দ্রীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি বিশাখাপট্টনমৰ হিন্দুস্তান শ্বিপ ইয়ার্ড লিমিটেডত ফ্লিট ছাপোর্ট হিপ-বান মুকলি কৰাৰ লগতে ফ্লিট ছাপোর্ট শ্বিপ-ফাইভ চমুকৈ FSS-5 ৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে স্লিপ বে ফ’ৰ আৰু ৩০০ টন ক্ষমতাযুক্ত গুলিয়াথ ক্রেনো উদ্বোধন কৰিব।

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে কয়, যে সম্প্ৰসাৰণ আৰু ওজন বহন ক্ষমতা বৃদ্ধিৰ লগে লগে উন্নীত স্লিপ বে ফ’ৰ আৰু গুলিয়াথ ক্রেন জাহাজ নির্মাণ কাৰখানাটোরে ৪৫ হাজাৰ ডেডবেট টন পর্যন্ত জাহাজৰ নিৰ্মাণ আৰু মুকলি সম্ভৱ হৈ উঠিব। ইয়াৰ ফলত শ্বিপ ইয়াৰ্ডৰ বৃহৎ জাহাজ নির্মাণৰ ক্ষমতা বৃদ্ধি পাব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।