সমাজবাদী চিন্তাবিদ আৰু মুক্তিযোদ্ধা ড° ৰাম মনোহৰ লোহিয়াৰ মৃত্যু বার্ষিকী উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শ্রদ্ধাঞ্জলি নিবেদন কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্রী সিঙে কয়, যে ড° লোহিয়া ৰাজনৈতিক সততা, সামাজিক ন্যায় আৰু বঞ্চিতসকলৰ অধিকাৰ ৰক্ষাৰ বাবে সংগ্ৰাম কৰি থকা সকলৰ অনুপ্ৰেৰণাস্বৰূপ। তেওঁ কয়, যে চিন্তাবিদগৰাকীয়ে সমাজত বৰ্তি থকা অসমতা আঁতৰ কৰাৰ বাবে অবিৰত সংগ্ৰাম কৰাৰ লগতে ৰাষ্ট্ৰীয় একতা শক্তিশালী কৰাৰ বাবেও প্রয়াস চলাইছিল। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ড° ৰাম মনোহৰ লোহিয়াৰ আদৰ্শই এখন সৰ্বাত্মক সমাজ গঢ়াৰ দিশত সকলোকে অনুপ্ৰাণিত কৰি আহিছে বুলি মত প্ৰকাশ কৰে।
Assamese | October 12, 2026 6:19 PM | Akashvani | Rajnath | Rajnath Singh
মুক্তিযোদ্ধা ড° ৰাম মনোহৰ লোহিয়াৰ মৃত্যু বার্ষিকী উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শ্রদ্ধাঞ্জলি