ভাৰতে আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত ঘৰুৱাভাৱে সামগ্ৰী নিৰ্মাণ কৰাই নহয়, খৰচ আৰু কাৰ্যকৰীকৰণৰ দিশ উন্নত হোৱাটো নিশ্চিত কৰিব লাগিবঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কয় যে ভাৰতে আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত দ্বিতীয় পৰ্যায়ৰ যাত্ৰাত কেৱল ঘৰুৱাভাৱে সামগ্ৰী নিৰ্মাণ কৰাই নহয়, খৰচ আৰু কাৰ্যকৰীকৰণৰ দিশৰ পৰাও উন্নত হোৱাটো নিশ্চিত কৰিব লাগিব। নতুন দিল্লীত স্বাৱলম্বন ২০২৬ ত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে থলুৱা সামৰ্থৰ বিকাশ আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ সীমাবদ্ধতাক নেওচিবলৈ গুৰুত্ব আৰোপ কৰে।

শ্ৰীসিঙে অসামৰিক আৰু সামৰিক জাহাজৰ বাবে অপৰিহাৰ্য প্ৰযুক্তি আৰু সামগ্ৰীৰ বিকাশৰ বাবে অগ্রাধিকাৰ তালিকা প্রস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে দ্বিতীয় পৰ্যায়ৰ এই আত্মনিৰ্ভৰশীলতাত উদ্ভাৱকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে দেশৰ যিকোনো প্ৰতিৰক্ষা প্ৰত্যাহ্বান সমাধানৰ বাবে ভৱিষ্যতৰ দৃষ্টিভংগী আৰু বৈজ্ঞানিক অনুশাসনৰ প্ৰয়োজন। প্ৰতিৰক্ষা মন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে নৌসেনাৰ ২২৯ টা আইডেক্স প্ৰত্যাহ্বানৰ বাবে ৪ হাজাৰতকৈ অধিক ষ্টাৰ্ট আপ আৰু এম এছ এম ইৰ পৰা লাভ কৰা প্ৰস্তাৱসমূহে ভাৰতীয় প্ৰতিভাৰ গভীৰতা প্ৰকাশ কৰে, যিয়ে দেশৰ উদ্যোগীসকলৰ উৎসাহক প্রতিফলিত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।