ভাৰতৰ সামুদ্রিক শক্তি আৰু প্ৰতিৰক্ষা সামৰ্থ বৃদ্ধিৰ বাবে শক্তিশালী আৰু সংহত সামুদ্রিক ব্যৱস্থাৰ প্রয়োজন বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। শ্রীসিঙে আজি বিশাখাপট্টনমত হিন্দুস্তান শ্বিপয়াদ লিমিটেডক নৌবহৰ সহায়ক জাহাজ-১ মুকলি কৰাৰ লগতে নৌবহৰ সহায়ক জাহাজ-৫ ৰ নিৰ্মাণৰ শুভাৰম্ভ কৰে। তেওঁ লগতে আধুনিকীকৃত শিল্প ৱেভ ফোৰ্ড আৰু ৩০০ টন ওজনৰ গোলিয়াথ ক্ৰেনৰ উদ্বোধনী কাৰ্যসূচীত অংশ লয়।
অনুষ্ঠানত দিয়া ভাষণত শ্রীসিঙে এই জাহাজ উদ্বোধন আৰু নিৰ্মাণৰ শুভাৰম্ভ কৰা কাৰ্য ভাৰতৰ সামুদ্রিক আন্তঃগাথনি আৰু সামৰ্থ শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ কয় যে সূৰ্য নামেৰে নামকৰণ কৰা নৌবহৰ সহায়ক জাহাজ- ১ য়ে ভাৰতীয় নৌসেনাৰ সামৰ্থ, শক্তি আৰু অভিযানৰ দক্ষতা বৃদ্ধি কৰিব।
তেওঁ কয় যে ভাৰতীয় নৌসেনাই ভাৰত মহাসাগৰীয় অঞ্চলত নিজৰ নিৰাপত্তাৰ ক্ষেত্ৰত সামর্থ বাৰে বাৰে প্ৰদৰ্শন কৰি আহিছে। মানৱীয় সাহায্য দুৰ্যোগৰ ক্ষেত্ৰত সাহায্য, জলদস্যু বিৰোধী অভিযানকে ধৰি বিভিন্ন ক্ষেত্ৰত নৌসেনাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি তেওঁ উল্লেখ কৰে।
শ্রীসিঙে কয় যে হিন্দুস্তান শ্বিপয়ার্স লিমিটেডে আঠ দশকৰো অধিক সময়জুৰি ভাৰতৰ সামুদ্রিক সামৰ্থ বৃদ্ধি আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত প্ৰয়োজন পূৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ কয় যে জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ অপৰিসীম সম্ভাৱনা আছে। এই সম্ভাৱনাক সামৰ্থ আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰতিযোগিতামূলক ক্ষমতালৈ ৰূপান্তৰ কৰাটো সময়ৰ প্ৰত্যাহ্বান বুলি তেওঁ উল্লেখ কৰে৷