October 19, 2026 11:57 AM | Rajnath Singh

printer

প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং তাজিকিস্তানৰ ডুশ্বানবেলৈ ৰাওনা

প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং তাজিকিস্তানৰ ডুশ্বানবেত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ ২৫ সংখ্যক বৈঠকত দেশক প্রতিনিধিত্ব কৰাৰ উদ্দেশ্যে আজি দেশখনলৈ যাব। প্ৰতিৰক্ষা মন্ত্রালয়ে প্রকাশ কৰা মতে, এই দুদিনীয়া বৈঠকত চাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বিশেষকৈ বাণিজ্য, অর্থনীতি, বিনিয়োগ, যোগাযোগ, উদ্ভাৱন আৰু সাংস্কৃতিক-মানৱীয় বিনিময়কে ধৰি বিভিন্ন ক্ষেত্রত বহুপাক্ষিক সহযোগিতা সুদৃঢ় কৰাত গুৰুত্ব আৰোপ কৰা হ’ব। বৈঠকত বৰ্তমানৰ সহযোগিতা উদ্যমৰ অগ্ৰগতিৰ পৰ্য্যালোচনা আৰু সংস্থাটোৰ বিত্তীয় আৰু প্রতিষ্ঠানগত কাম-কাজ সম্পৰ্কীয় সিদ্ধান্তৰ মূল্যায়ন কৰাৰ সম্ভাৱনা আছে বুলি মন্ত্র্যালয়ে জানিবলৈ দিছে। এই বৈঠকে দেশক চাংহাই সহযোগিতা সংস্থাৰ অন্য সদস্য ৰাষ্ট্রৰ সৈতে ব্যৱহাৰিক আৰু পৰস্পৰৰ বাবে লাভদায়ক সহযোগিতা আগুৱাই নিয়া সন্দৰ্ভত মত বিনিময় কৰাৰ সুযোগ প্রদান কৰিব বুলি আশা কৰা হৈছে।