প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আৰব সাগৰত ৪৮ ঘণ্টাৰ ভিতৰত মাছমৰীয়া জাহাজ অজিনিৰ ২০ গৰাকী ক্রু সদস্যক জলদস্যুৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ বাবে ভাৰতীয় নৌ সেনাক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, যে নৌ সেনাৰ সাহসী কৰ্মীসকলে ভাৰত মহাসাগৰত জীৱন ৰক্ষা, সামুদ্রিক সুৰক্ষা বজাই ৰখা আৰু স্থিতিশীলতা নিশ্চিত কৰাৰ ক্ষেত্ৰত দেশৰ সামৰ্থ, উদ্দেশ্য আৰু সংকল্প পুনৰবাৰ প্ৰদৰ্শন কৰিছে। কেন্দ্ৰীয় মন্ত্রী শ্রী সিঙে লগতে কয়, যে ভাৰতীয় বায়ু সেনাৰ সহায় লৈ অস্ত্ৰধাৰী জলদস্যুৰ পৰা ক্রু সদস্যসকল আৰু জাহাজখনক ৰক্ষা কৰাৰ লগতে নিৰাপদে মুকলি কৰি দিয়া কাৰ্যই সমগ্ৰ অঞ্চলটোত ভাৰতীয় নৌ সেনাৰ উচ্চ কাৰিকৰী প্ৰস্তুতি আৰু সামুদ্রিক ভাবুকিৰ প্ৰতি উপযুক্ত প্ৰত্যুত্তৰ জনোৱাৰ ক্ষমতাক প্ৰতিফলিত কৰিছে। তেওঁ লগতে কয়, যে ভাৰতে মুক্ত আৰু সুৰক্ষিত ভাৰত মহাসাগৰীয় অঞ্চল নিশ্চিত কৰাৰ অৰ্থে Safe Seas ৰ হকে পক্ষ লৈ আহিছে।
Assamese | November 3, 2026 12:11 PM | Rajnath Singh
আৰব সাগৰত ২০ গৰাকী ক্রু সদস্যক উদ্ধাৰ কৰাৰ বাবে ভাৰতীয় নৌ সেনাক ৰাজনাথ সিঙৰ অভিনন্দন