প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত আজি ৰাজস্থানৰ জয়ছালমেৰত প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ পৰামৰ্শ সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত ভাৰতীয় সশস্ত্র বাহিনীসমূহক আধুনিকীকৰণ, থলুৱা প্ৰতিৰক্ষামূলক উপকৰণ আৰু প্ৰযুক্তিকে ধৰি ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়ক বিভিন্ন আলোচনা অনুষ্ঠিত হ’ব।
এই বৈঠকতে দেশৰ পশ্চিম সীমান্তৰ নিৰাপত্তা প্ৰস্তুতি, সশস্ত্র বাহিনীসমূহৰ সামৰ্থ আৰু ভৱিষ্যতৰ নিৰাপত্তা প্ৰত্যাহ্বানসমূহ সন্দৰ্ভতো আলোচনা হোৱাৰ আশা আছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে লোকসভা আৰু ৰাজ্যসভাৰ কেবাগৰাকীও সদস্যই এই বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে জয়ছালমেৰত উপস্থিত হৈছে। এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ আৰু সেনা বাহিনীৰ কেবাগৰাকীও জ্যেষ্ঠ বিষয়াই ভাগ ল’ব ।