প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত কালি ৰাজস্থানৰ জয়ছালমেৰত ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ আধুনিকীকৰণ বিষয়ত উপদেষ্টা সমিতিৰ বৈঠক অনুষ্ঠিত হয়। অনুষ্ঠানত অংশ লৈ শ্রীসিঙে সাম্প্রতিক সময়ত মূৰ দাঙি উঠা প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ’ব পৰাকৈ প্ৰতিৰক্ষা বাহিনী সাজু হৈ থকাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে বাজেট আৰু পুঁজি সংগ্রহ, আত্মনিৰ্ভৰশীলতা, প্ৰযুক্তি আৰু মানৱ সম্পদৰ উচিত ব্যৱহাৰেৰে প্ৰযুক্তিচালিত সাম্প্ৰতিক সময়ত যুদ্ধ ব্যৱস্থাৰ উপযোগীকৈ প্ৰতিৰক্ষা বিভাগে গ্ৰহণ কৰা প্ৰস্তুতিত আলোকপাত কৰে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আধুনিকীকৰণৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই ক্ষেত্ৰত নিৰন্তৰ বিত্তীয় সহযোগ আৰু পুঁজি আহৰণৰ বাবে চৰকাৰে লক্ষ্য লৈছে বুলি উল্লেখ কৰে। তেওঁ পর্যাপ্ত বিত্তীয় সম্পদ আহৰণ, ইয়াৰ কাৰ্যকৰী ব্যৱহাৰ আৰু জটিল বিষয়ত অগ্ৰাধিকাৰ দিয়া বিষয়টোক সামৰিক সামর্থ্য বৃদ্ধিৰ ক্ষেত্ৰত অতিশয় গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। শ্রীসিঙে কয় যে ২০২৬-২৭ বিত্তীয় বৰ্ষত প্ৰতিৰক্ষা খণ্ডৰ বাজেট অভিলেখ পৰিমাণৰ ৭ লাখ ৮৫ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ ভিতৰত আধুনিকীকৰণ আৰু মূলধনী সামগ্ৰী ক্ৰয়ৰ বাবে ২ লাখ ১৯ হাজাৰ কোটি টকাৰ ব্যয়ৰ প্ৰস্তাৱো অন্তৰ্ভুক্ত হৈছে। শ্রীসিঙে কয় যে এই পদক্ষেপে সামৰিক বাহিনীৰ অভিযান সুকলমে পৰিচালনা কৰিব পৰাকৈ প্রয়োজনসমূহ পূৰণ কৰাত চৰকাৰৰ দায়বদ্ধতা প্ৰতিফলিত হৈছে। কালিৰ অনুষ্ঠানত প্ৰতিৰক্ষা দপ্তৰৰ ৰাজ্যমন্ত্ৰী সঞ্জয় সেঠ, প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিং, প্ৰতিৰক্ষা উৎপাদনৰ সচিব সঞ্জীৱ কুমাৰকে ধৰি শীর্ষ সামৰিক আৰু অসামৰিক বিষয়াসকলে অংশগ্ৰহণ কৰে।