লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয়, যে পাৰস্পৰিক বুজাপৰা আৰু আস্থা শক্তিশালী কৰা, আন্তঃৰাষ্ট্ৰীয় উত্তেজনা হ্ৰাস কৰা আৰু গোলকীয় প্ৰত্যাহ্বানসমূহৰ ক্ষেত্ৰত শান্তিপূর্ণ সমাধান বিচাৰি উলিওৱাত সংসদে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। নতুন দিল্লীত সংসদৰ সংবিধান সদনত অনুষ্ঠিত দ্বাদশ ব্রীকছ সংসদীয় মঞ্চৰ উদ্বোধনী সত্ৰত ভাষণ দি শ্ৰীবিৰলাই এইদৰে কয়।
তেওঁ আঞ্চলিক সংঘর্ষ, যুদ্ধ, অর্থনৈতিক অস্থিৰতা, সন্ত্ৰাসবাদ আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে সমগ্র বিশ্বই বর্তমান সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহত আলোকপাত কৰে। শ্ৰীবিৰলাই এই প্ৰত্যাহ্বানসমূহৰ সমাধানৰ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যিয়ে নাগৰিকৰ জীৱন উন্নত কৰাৰ লগতে এখন অধিক অন্তর্ভুক্তিমূলক আৰু শান্তিপূর্ণ বিশ্ব গঢ়ি তোলাত অৰিহণা যোগায়।
লোকসভাৰ অধ্যক্ষগৰাকীয়ে ব্ৰীকছ সংসদীয় মঞ্চত কৰা আলোচনাই পাৰস্পৰিক, বিশ্বাস আৰু সহযোগিতাৰ ক্ষেত্ৰত নতুন গতি প্ৰদান কৰাৰ উপৰি জনসাধাৰণকেন্দ্ৰিক বিকাশৰ প্ৰতি দায়বদ্ধতা অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে এই মঞ্চই একেলগে সংসদীয় অংশীদাৰিত্ব গঢ়ি তুলিব যিয়ে শান্তি, সমৃদ্ধি আৰু বহনক্ষম উন্নয়নৰ নতুন সুযোগ সৃষ্টিৰ লগতে জনসাধাৰণৰ আকাংক্ষা পূৰণত সহায় কৰিব।
ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীয়ে গোলকীয় দক্ষিণ অর্থাৎ অর্থনৈতিক আৰু ঔদ্যোগিক দিশত তুলনামূলকভাৱে পিছপৰা ৰাষ্ট্ৰসমূহৰ কণ্ঠ শক্তিশালী কৰিব বিচাৰে বুলি উল্লেখ কৰি শ্ৰীবিৰলাই কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত ব্ৰীকছ সন্মিলনৰ যুটীয়া ঘোষণা সৰ্বসন্মতিক্রমে গ্ৰহণ কৰাটো হৈছে গুৰুত্বপূৰ্ণ সাফল্য। ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ আকাংক্ষাসমূহ ঘোষণাতে সীমাবদ্ধ হৈ নাথাকি সুনিৰ্দিষ্ট নীতি আৰু ব্যৱহাৰিক সহযোগিতালৈ পৰিণত কৰা উচিত বুলি শ্রীবিৰলাই মন্তব্য কৰে।
লোকসভাৰ অধ্যক্ষগৰাকীয়ে কয় যে যুৱক-যুৱতীসকলৰ আকাংক্ষা বুজি পোৱা, তেওঁলোকৰ কণ্ঠ প্ৰকাশৰ বাবে সুবিধা দিয়া আৰু তেওঁলোকৰ প্ৰতিভাক ৰাষ্ট্ৰ নিৰ্মাণৰ সৈতে সংযোগ কৰাৰ ক্ষেত্ৰত সংসদৰ দায়িত্ব আছে। সংসদীয় গণতন্ত্ৰৰ প্ৰকৃত শক্তি এখন ৰাষ্ট্ৰই আনখনৰ সাৰ্বভৌমত্বক সন্মান জনোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত গণতান্ত্রিক দৃষ্টিভংগী অন্তৰ্ভুক্ত কৰাত নিহিত হৈ আছে।
লোকসভাৰ অধ্যক্ষগৰাকীয়ে কয় যে ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীয়ে বিশ্বৰ প্ৰায় অর্ধেক জনসংখ্যাক প্রতিনিধিত্ব কৰে। ভাৰতক গণতন্ত্ৰৰ মাতৃ বুলি অভিহিত কৰি লোকসভাৰ তেওঁ কয় যে ভাৰতৰ গণতান্ত্রিক শক্তি, আলোচনা, মতামতৰ ভিন্নতা আৰু পাৰস্পৰিক সন্মানৰ ওপৰত নিহিত হৈ আছে। এই গণতান্ত্ৰিক ভেটিৰ আধাৰতে ভাৰত ক্ৰমশঃ উন্নয়নৰ যাত্ৰাত অগ্ৰসৰ হৈছে বুলি শ্রীবিলাই মন্তব্য কৰে।
সংবিধান সদনত অনুষ্ঠিত দ্বাদশ ব্ৰীকছ সংসদীয় মঞ্চৰ উদ্বোধনী সত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশ লয়। শ্রীমোদীয়ে অভ্যাগত প্রতিনিধিসকলকো সাক্ষাৎ কৰে। ইয়াৰ পূৰ্বে শ্ৰীবিৰলাই ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ ১১ খন সদস্য ৰাষ্ট্ৰ আৰু ১০ খন সহযোগী ৰাষ্ট্ৰৰ সংসদীয় প্রতিনিধিসকলক আদৰণি জনায়। এই দুদিনীয়া কাৰ্যসূচীৰ কাইলৈ সামৰণি পৰিব।