October 7, 2026 6:16 PM

views 6

প্রধানমন্ত্ৰী মোদীৰ জনসেৱাৰ ২৫ বছৰ সম্পূৰ্ণ উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ শুভেচ্ছা

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসেৱাৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বৰ্ত্তাত অধ্যক্ষগৰাকীয়ে কয় যে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শ্ৰীমোদীৰ দেশৰ প্রধানমন্ত্ৰী হোৱাটো কৰা এই যাত্ৰাৰ বন্ধৰ সেৱাৰ প্ৰতি উৎসৰ্গ মনোভাৱ, সুপ্ৰশাসন আৰু জনকল্যাণৰ প্ৰতীকৰূপে চিহ্নিত হৈছে। শ্ৰীবিৰলাই কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১০ চনত গুজৰাটত গ্ৰহণ কৰা সংবিধান গৌৰবৰ যাত্ৰা আৰু ২০১৫ৰ পৰা ৰাষ্ট্ৰীয় পর্যায়ত অনুষ্ঠিত কৰি অহা সংবিধান দিৱসৰ জৰিয়তে সংবিধানৰ...

July 13, 2026 8:14 PM

views 25

লোকসভাৰ অধ্যক্ষ ওম বিৰলাকনিউজিলেণ্ডৰ গ্ৰাম্য সম্প্রদায় মন্ত্ৰী মার্ক পেটাৰ্ছনৰ নেতৃত্বৰ প্ৰতিনিধি দলৰ সাক্ষাৎ

নিউজিলেণ্ডৰ গ্ৰাম্য সম্প্রদায় মন্ত্ৰী মার্ক পেটাৰ্ছনৰ নেতৃত্বত এটা প্ৰতিনিধি দলে আজি নতুন দিল্লীৰ পাৰ্লিয়ামেণ্ট হাউচত লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্রীবিৰলাই কয় যে এই বৈঠকত সংসদীয় বিনিময় সুদৃঢ় কৰা আৰু ভাৰত আৰু নিউজিলেণ্ডৰ ঐতিহাসিক সম্পৰ্ক আৰু অধিক সমৃদ্ধিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। শ্রীবিৰলাই কয় যে পার্লিয়ামেণ্ট হাউচত নিউজিলেণ্ডৰ প্ৰতিনিধি দলৰ ভ্ৰমণৰ সময়ত তেওঁলোকক ভাৰতৰ প্ৰাণৱন্ত সংসদীয় গণতন্ত্র, সমৃদ্ধ গণতান্ত্ৰিক পৰম্পৰা আদিৰ বিষয়ে প...

July 3, 2026 11:15 AM

views 32

আজি পশ্চিমবংগ বিধানসভাৰ নৱ-নিৰ্বাচিত সদস্যসকলৰ বাবে আয়োজিত দুদিনীয়া প্রশিক্ষণ কাৰ্যসূচী ওম বিৰলাৰ উদ্বোধন

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি কলকাতাত পশ্চিমবংগ বিধানসভাৰ নৱ-নিৰ্বাচিত সদস্যসকলৰ বাবে আয়োজিত দুদিনীয়া প্রশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰিব। নৱ-নির্বাচিত বিধায়কসকলক সংসদীয় কার্যপ্রণালী, সমিতি ব্যবস্থা, বিত্তীয় তদাৰকী আৰু ডিজিটেল ব্যৱস্থাৰ দৰে গুৰুত্বপূৰ্ণ দিশসমূহৰ সৈতে অৱগত কৰোৱাৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। লোকসভা সচিবালয়ে প্ৰকাশ কৰা অনুসৰি, এই অনুষ্ঠানে জনপ্রতিনিধি আৰু সংসদীয় বিশেষজ্ঞসকলৰ মাজত অভিজ্ঞতা বিনিময়ৰ এখন উপযুক্ত মঞ্চ প্ৰদান কৰিব। দুদিনীয়া এই কাৰ্যসূচীত এগৰাকী দক্ষ বি...

July 2, 2026 7:56 PM

views 23

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কলকাতাত কাইলৈ পশ্চিম বংগ বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলৰ বাবে দুদিনীয়া দিক বলন কার্যসূচী উদ্বোধন কৰিব

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কলকাতাত কাইলৈ পশ্চিম বংগ বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলৰ বাবে দুদিনীয়া দিক বলন কার্যসূচী উদ্বোধন কৰিব। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে নৱনিৰ্বাচিত সদস্যসকলক সমিতি ব্যৱস্থা, বিত্তীয় তদাৰকী, সংসদীয় বিশেষাধিকাৰ আৰু বিধায়িনী দলত উদীয়মান ডিজিটেল পদক্ষেপকে ধৰি সংসদীয় আৰু বিধানসভাৰ কাৰ্য্যকলাপৰ বিভিন্ন দিশৰ সৈতে পৰিচয় কৰোৱা। লোকসভা সচিবালয়ে কয় যে এই অনুষ্ঠানৰ জৰিয়তে বিধায়ক, নির্বাচনী বিষয়া আৰু সংসদীয় বিশেষজ্ঞসকলৰ মাজত মত বিনিময় আৰু অভিজ্ঞতাৰ আদান-প্ৰদানৰ বাবেও এক মঞ্চ ...

June 30, 2026 1:28 PM

views 29

বিশ্বৰ গণতান্ত্রিক সংগঠনৰ সকলো নির্বাচিত প্রতিনিধিলৈ ওম বিৰলাৰ অভিনন্দন

আন্তঃৰাষ্ট্রীয় সংসদীয় গণতন্ত্র নাইবা সংসদীয়তাবাদ দিৱস উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিশ্বৰ গণতান্ত্রিক সংগঠনৰ সকলো নির্বাচিত প্রতিনিধিলৈ অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ বার্তাযোগে শ্রী বিৰলাই কয়, যে জনসাধাৰণৰ অভিলাষ পূৰণ, অধিকাব ৰক্ষা আৰু আস্থা অর্জনব ক্ষেত্রত সংসদসমূহ সর্বোচ্চ প্রতিষ্ঠান হিচাপে বিবেচিত হৈ আহিছে। এই প্রতিষ্ঠানসমূহতে দেশৰ কল্যাণৰ বাবে বিভিন্ন ধাৰণাৰ উন্মেষ ঘটে, নীতি-নির্ধাৰণ কৰা হয় আৰু দেশৰ ভবিষ্যতৰ বাবে পৰিকল্পনা কৰা হয়। শক্তিশালী স্বতন্ত্র আক জবাবদিহি সংসদীয় ব্যৱস্থা...

June 8, 2026 5:38 PM

views 29

কমনৱেল্থ সংসদীয় সংস্থা, চি পি এ-ৰ ZONE-2 সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে চণ্ডীগড়ত উপস্থিত লোকসভাৰ অধ্যক্ষ ওম বিৰলা

কমনৱেল্থ সংসদীয় সংস্থা, চি পি এ-ৰ ZONE-2 সন্মিলনত অংশ লোৱাৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি কিছু সময় পূর্বে চণ্ডীগড়ত উপস্থিত হয়। তেওঁ হাৰিয়ানাৰ লোকভৱনত ৰাজ্যপাল অসীম কুমাৰ ঘোষক সাক্ষাৎ কৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে। উল্লেখযোগ্য যে হাৰিয়ানা বিধানসভাই এই সন্মিলনৰ আয়োজন কৰিছে। ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশ, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াৱ সিং ছাইনী, হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ হৰবিন্দৰ কল্যাণ, দেশৰ ১৫ খন বিধানসভাৰ প্রিজাইডিং বিষয়া তথা বিধানসভাৰ সদস্যসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিব। সন...

June 8, 2026 12:22 PM

views 36

বিকশিত ভাৰত ২০৪৭ৰ দৰ্শন জনসাধাৰণৰ অংশগ্রহণ, উদ্ভাৱন, উদ্যোগ আৰু সামূহিক সংকল্পৰ জৰিয়তেহে অনুধাৱন কৰিব পাৰি বুলি ওম বিৰলাৰ প্ৰকাশ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয়, যে বিকশিত ভাৰত ২০৪৭ৰ দৰ্শন জনসাধাৰণৰ অংশগ্রহণ, উদ্ভাৱন, উদ্যোগ আৰু সামূহিক সংকল্পৰ জৰিয়তেহে অনুধাৱন কৰিব পাৰি। নতুন দিল্লীত কালি এখন সন্মিলনত অংশ লৈ শ্ৰীবিৰলাই কয়, যে সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ উন্নয়ন সুনিশ্চিত কৰাৰ বাবে উদ্যোগ আৰু ৰাষ্ট্ৰ নিৰ্মাণ একেসময়তে আগবাঢ়িব লাগিব। উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দিশত ভাৰতৰ যাত্রা সর্বাংগীণ বিকাশ, সামাজিক দায়বদ্ধতা আৰু নাগৰিকৰ সক্ৰিয় অংশগ্রহণেৰে প্ৰভাৱান্বিত হোৱাটো প্রয়োজন বুলি লোকসভাৰ অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। দেশৰ...

December 4, 2025 8:38 PM

views 64

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ মৃত্যুত প্রধানমন্ত্ৰী মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ গভীৰ শোক প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে। শ্রীমোদীয়ে আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে প্রাক্তন ৰাজ্যপালগৰাকী এগৰাকী প্ৰসিদ্ধ অধিবক্তা আছিল আৰু তেওঁ অভাৱগ্ৰস্ত লোকৰ জীৱনৰ উন্নয়নৰ বাবে আইনী পেছাৰ ব্যৱহাৰত বিশ্বাস কৰিছিল। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁ দেশৰ কনিষ্ঠতম ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছিল আৰু ৰাজ্যপালৰ কাৰ্যকালত মিজোৰামৰ জনমানসত মচিব নোৱাৰা চাপ এৰি থৈ যাবলৈ সমৰ্থ হৈছিল। সাংসদ হিচাপে স্বৰাজ...

November 28, 2025 12:20 PM

views 76

ভাৰতীয় ৰাজহ সেৱাৰ ৭৬ সংখ্যক বেটছৰ প্ৰশিক্ষাৰ্থী বিষয়াক উদ্দেশ্যি লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ভাষণ

এখন ৰাষ্ট্র, এটা কৰ ব্যৱস্থাৰ লেখীয়া সংস্কাৰসমূহে দেশৰ কৰ পৰিকাঠামো সৰল আৰু স্বচ্ছ কৰি তুলিছে আৰু ইয়াৰ ফলত দেশত বিকাশ আৰু সমৃদ্ধি ত্বৰান্বিত হৈছে। নতুন দিল্লীত কালি ভাৰতীয় ৰাজহ সেৱাৰ ৭৬ সংখ্যক বেটছৰ প্ৰশিক্ষাৰ্থী বিষয়াসকলক উদ্দেশ্যি দিয়া ভাষণত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে যুৱ প্ৰশিক্ষাৰ্থী বিষয়াসকলৰ সাহস, আত্মবিশ্বাস আৰু নতুন দৃষ্টিভংগীয়ে দেশক গোলকীয় নেতৃত্বৰ দিশে আগুৱাই লৈ যোৱাত সহায় কৰিব। ভাৰতীয় ৰাজহ সেৱাৰ বিষয়াসকল দেশৰ অৰ্থনৈতিক শক্তিৰ মূল স্তম্ভ বুলি শ...

November 26, 2025 8:03 PM

views 72

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতীয় সংবিধানৰ যাত্ৰাক চৰ্চা কৰি প্ৰকাশ কৰা এটি প্ৰৱন্ধ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰে

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সাংবিধানিক সভাৰ দ্বাৰা গঠিত আৰু কোটি কোটি ভাৰতীয়ৰ অভিলাসেৰে সমৃদ্ধ ভাৰতীয় সংবিধানৰ যাত্ৰাক চৰ্চা কৰি প্ৰকাশ কৰা এটি প্ৰৱন্ধ আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰে। এটা বার্তাত প্রধানমন্ত্রী মোদীয়ে কয় যে লোকসভাৰ অধ্যক্ষগৰাকীয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতক আত্মনিৰ্ভৰ আৰু আত্মবিশ্বাসী ভাৰত হিচাপে আগুৱাই নিয়াৰ বাবে সংবিধানে কেনেদৰে আদৰ্শ পথ প্ৰদৰ্শকৰ কাম কৰি আহিছে সেই সন্দর্ভত আলোকপাত কৰে।