October 1, 2025 9:16 PM

views 81

লোকসভাৰ প্ৰাক্তন অধ্যক্ষ জি এম চি বালাযোগীক লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ শ্রদ্ধা জ্ঞাপন

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই নতুন দিল্লীত আজি লোকসভাৰ প্ৰাক্তন অধ্যক্ষ জি এম চি বালাযোগীক শ্রদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীবিৰলাই কয়, যে অধ্যক্ষ হিচাপে বালাযোগীৰ কাৰ্য্যকাল অতি গুৰুত্বপূৰ্ণ। গণতান্ত্রিক মূল্যবোধৰ প্ৰতি তেওঁ প্ৰদৰ্শন কৰা দায়ৱদ্ধতা আজিও প্ৰেৰণাৰ উৎস বুলি লোকসভাৰ অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে। লোকসভাৰ সাধাৰণ সচিব উৎপল কুমাৰ সিঙকে ধৰি লোকসভা আৰু ৰাজ্যসভাৰ অন্যান্য ব্যক্তিসকলেও প্রাক্তন অধ্যক্ষগৰাকীক শ্রদ্ধা নিবেদন কৰে।

September 14, 2025 8:10 PM

views 73

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি চহৰত মহিলা সৱলীকৰণ সমিতিৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি চহৰত সংসদ আৰু ৰাজ্যিক তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভাত মহিলা সৱলীকৰণ সমিতিৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে। লোকসভাৰ অধ্যক্ষগৰাকীয়ে এই উপলক্ষে এখন প্রদর্শনী উদ্বোধন কৰাৰ লগতে এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰে। ৰাজ্যসভাৰ উপ সভাপতি, অন্ধ্র প্রদেশ বিধান পৰিষদ আৰু বিধানসভাৰ সভাপতি, অধ্যক্ষ, সংসদ আৰু ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভাৰ মহিলা সৱলীকৰণ সমিতিৰ অধ্যক্ষৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তিয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। এ...

September 13, 2025 8:43 PM

views 79

বিধানসভাসমূহ দেশৰ বাবে গঠনমুলক সিদ্ধান্ত গ্ৰহনৰ এখন মঞ্চ হৈ ৰ’ব : ওম বিৰলা

বিধানসভাসমূহ চিৰদিন ৰাজহুৱা গুৰুত্বপূৰ্ণ বিষয়ত অর্থবহ আলোচনা, জনসাধাৰণৰ স্বার্থজড়িত বিষয়ত তৰ্কৰ লগতে সমাজ তথা দেশৰ বাবে গঠনমুলক সিদ্ধান্ত গ্ৰহনৰ এখন মঞ্চ হৈ ৰ'ব বুলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আশা প্রকাশ কৰিছে। আজি বেংগালুৰুত অনুষ্ঠিত কমনৱেলথ সংসদীয় সংস্থাৰ একাদশ ভাৰত অঞ্চল সন্মিলনৰ সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ এই মন্তৱ্য কৰিছে। অধ্যক্ষগৰাকীয়ে লগতে কয় বিধানসভা সমূহক উক্ত লক্ষ্যত উপনীত কৰাবলৈ সহায় হ'ব পৰা প্ৰক্ৰিয়াৰ বিষয়ে এই দুদিনীয়া সন্মিলনত আলোচনা কৰা হৈছিল যাৰ বাবে ৰাজনৈতিক দ...

September 12, 2025 12:24 PM

views 70

সংসদক ৰাষ্ট্ৰীয় গুৰুত্ব আৰু জনসাধাৰণৰ স্বাৰ্থৰ সৈতে জড়িত বিষয় উত্থাপনৰ মঞ্চলৈ ৰূপান্তৰৰ বাবে ৰাজনৈতিক দলসমূহক আহ্বান ওম বিৰলাৰ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদক ৰাষ্ট্ৰীয় গুৰুত্ব আৰু জনসাধাৰণৰ স্বাৰ্থৰ সৈতে জড়িত বিভিন্ন বিষয় উত্থাপন কৰিব পৰা অৰ্থৱহ বিতৰ্ক আৰু আলাপ আলোচনাৰ মঞ্চলৈ ৰূপান্তৰ কৰিবলৈ ৰাজনৈতিক দল আৰু নিৰ্বাচিত জনপ্রতিনিধিসকলৰ প্ৰতি আহ্বান জনাইছে। বাংগালুৰুত আয়োজিত ভাৰত অঞ্চলৰ কমনৱেলথ সংসদীয় সংস্থাৰ ১১ সংখ্যক সন্মিলনত ভাষণ দি লোকসভাৰ অধ্যক্ষগৰাকীয়ে কালি এইদৰে আহ্বান জনায়। তেওঁ সাংসদ, বিধায়কসকলক দলীয় স্বাৰ্থৰ উৰ্ধলৈ উঠিবলৈ আৰু ৰাইজৰ প্ৰতিনিধি হিচাপে আলোচনাত অংশগ্ৰহণ কৰিবলৈ কয় । অধ্যক্ষগৰাকীয়ে লগতে সদনৰ ...

August 27, 2025 11:48 AM

views 68

ভূৱনেশ্বৰত পৰহিলৈ সংসদ আৰু ৰাজ্যৰ বিধানসভাসমূহৰ কমিটিৰ অধ্যক্ষসকলৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অহা শুকুৰবাৰে ভূৱনেশ্বৰত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ কল্যাণৰ বাবে থকা সংসদ আৰু ৰাজ্যৰ বিধানসভাসমূহৰ কমিটিসমূহৰ অধ্যক্ষসকলৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। অধ্যক্ষগৰাকীয়ে এখন প্রদর্শনী মুকলি কৰাৰ লগতে এখন স্মৃতিগ্রন্থও উন্মোচন কৰিব বুলি লোকসভাৰ সচিবালয়ে এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে। এই সন্মিলনৰ বিষয়বস্তু হৈছে- অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ কল্যাণ, উন্নয়ন আৰু সৱলীকৰণত সংসদ আৰু ৰাজ্যৰ বিধানসভাসমূহৰ কমিটিৰ ভূমিকা। সন্মিলনত ১২০ গৰাকীতকৈও অধিক প...

August 18, 2025 8:57 PM

views 76

কেপ্তেইন শুক্লাই এক্‌জিয়ম মিছন ফ’ৰৰ অধীনত আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস গঢ়িললেঃ ওম বিৰলা

বিৰোধী সাংসদসকলে বিভিন্ন বিষয় লৈ হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰাৰ বাবে লোকসভা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। দ্বিতীয় বাৰ স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই ভাৰতীয় বিমান সেৱা বাহিনীৰ গ্ৰুপ কেপ্তেইন তথা মহাকাশচাৰী শুভাংশু শুক্লাক লোকসভাৰ সকলো সদস্যৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰীবিৰলাই কয়, যে কেপ্তেইন শুক্লাই এক্‌জিয়ম মিছন ফ'ৰৰ অধীনত আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস গঢ়িলে। ইয়াৰ পাছতে তেওঁ ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত...

July 18, 2025 8:47 PM

views 53

গুৰুগ্ৰামৰ সন্মিলনত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ভাষণ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৈছে যে ২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যলৈ দেশৰ যুৱক-যুৱতীসকল আগবাঢ়ি যাবলৈ হ'লে তেওঁলোকক সঠিক পথ প্ৰদৰ্শন কৰাৰ লগতে কাৰিকৰী সহায় আৰু সঠিক নীতি নিৰ্ধাৰণেৰে আগুৱাই নিয়াটো প্রয়োজন। আজি গুৰুগ্ৰামত অনুষ্ঠিত এখন সন্মিলনত ভাষণ দি তেওঁ কয় যে সমাজ আৰু জাতিৰ সামগ্রিক বিকাশত সামাজিক সংগঠনসমূহৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। অধ্যক্ষগৰাকীয়ে লগতে কয় যে বৰ্তমানৰ যুৱক-যুৱতীসকলৰ পৰিৱৰ্তিত পৰিস্থিতিত নিজকে সহজতে খাপ খোৱাই লব পৰাৰ ক্ষমতা থকাৰ লগতে ভৱিষ্যত গঢ় দিয়াৰ ক্ষমতা, আৰু জাতি নিৰ্...

June 30, 2025 11:56 AM

views 58

ধৰ্মশালাৰ তপোবনত আজি কমনৱেলথ সংসদীয় সংস্থাৰ দ্বিতীয় মণ্ডলৰ বাৰ্ষিক সন্মিলন মুকলি

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই হিমাচল প্ৰদেশৰ ধৰ্মশালাৰ তপোবনত আজি কমনৱেলথ সংসদীয় সংস্থাৰ দ্বিতীয় মণ্ডলৰ বাৰ্ষিক সন্মিলন মুকলি কৰিব। এই মণ্ডলৰ অধীনত দিল্লী, হাৰিয়ানা, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ আৰু পাঞ্জাৱো সামৰি লোৱা হৈছে। গণতান্ত্রিক প্রতিষ্ঠানসমূহ শক্তিশালী কৰাৰ লগতে এই দিশত ৰাজ্যসমূহৰ অভিজ্ঞতাসমূহৰ আদান-প্ৰদান আৰু সমসাময়িক যুগৰ প্ৰশাসন আৰু বিধানপালিকাসমূহৰ কাম-কাজ উন্নত কৰাৰ উদ্দেশ্যে ল'বলগীয়া পদক্ষেপৰ বিষয়ে আলোচনাৰ বাবে এখন উপযুক্ত মঞ্চ প্রদান কৰাই এই সন্মিলনৰ মূল উদ্দেশ্য। এই সন্মিলনৰ ব...

June 11, 2025 6:54 PM

views 71

নিম্ন সদনৰ প্ৰাক্তন অধ্যক্ষ কে এছ হেগ্ৰেৰ জন্ম বার্ষিকীত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ প্ৰতিচ্ছবিত পুষ্পমাল্য তৰ্পণ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি নিম্ন সদনৰ প্ৰাক্তন অধ্যক্ষ কে এছ হেগ্ৰেৰ জন্ম বার্ষিকী উপলক্ষে সংবিধান সদনত থকা তেওঁৰ প্ৰতিচ্ছবিত পুষ্পমাল্য তৰ্পণ কৰে। ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশ, সাংসদ আৰু লোকসভা, ৰাজ্যসভা সচিবালয়ৰ জ্যেষ্ঠ বিষয়াসকলে প্রাক্তন অধ্যক্ষগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে।

June 10, 2025 12:03 PM

views 55

দেশৰ সামগ্ৰিক বিকাশত যুৱ প্ৰজন্মই আগবঢ়োৱা অৱদানৰ প্ৰশংসা ওম বিৰলাৰ

বিভিন্ন ক্ষেত্ৰত হোৱা উল্লেখনীয় অগ্ৰগতিৰে ভাৰত উদীয়মান গোলকীয় নেতৃত্ব ৰূপে পৰিগণিত হৈছে। "যুৱ প্ৰতিভাৰ শক্তি আৰু প্ৰযুক্তিৰ উদ্ভাৱনৰ জৰিয়তে সমসাময়িক প্ৰত্যাহ্বান শীৰ্ষক এটা অনুষ্ঠানত অংশগ্ৰহন কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এইদৰে কয়। ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান, যোধপুৰত হোৱা এই অনুষ্ঠানত অংশগ্ৰহন কৰি শ্ৰী বিৰলাই সামাজিক, অর্থনৈতিক আৰু প্ৰযুক্তিগত দিশত যুৱ প্ৰজন্মই আগবঢ়োৱা অৱদানৰ বাবে প্ৰশংসা কৰে।ৰাষ্ট্ৰৰ প্ৰগতিৰ দিশটোত গুৰুত্ব প্ৰদান কৰি প্ৰযুক্তিৰ বিকাশত কাম কৰি যাবলৈ শ্ৰী বিৰলাই য...