এখন ৰাষ্ট্র, এটা কৰ ব্যৱস্থাৰ লেখীয়া সংস্কাৰসমূহে দেশৰ কৰ পৰিকাঠামো সৰল আৰু স্বচ্ছ কৰি তুলিছে আৰু ইয়াৰ ফলত দেশত বিকাশ আৰু সমৃদ্ধি ত্বৰান্বিত হৈছে। নতুন দিল্লীত কালি ভাৰতীয় ৰাজহ সেৱাৰ ৭৬ সংখ্যক বেটছৰ প্ৰশিক্ষাৰ্থী বিষয়াসকলক উদ্দেশ্যি দিয়া ভাষণত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে যুৱ প্ৰশিক্ষাৰ্থী বিষয়াসকলৰ সাহস, আত্মবিশ্বাস আৰু নতুন দৃষ্টিভংগীয়ে দেশক গোলকীয় নেতৃত্বৰ দিশে আগুৱাই লৈ যোৱাত সহায় কৰিব। ভাৰতীয় ৰাজহ সেৱাৰ বিষয়াসকল দেশৰ অৰ্থনৈতিক শক্তিৰ মূল স্তম্ভ বুলি শ্রীবিৰলাই উল্লেখ কৰে। তেওঁ কয়, যে তেওঁলোকে অকল কৰ সংগ্ৰহ কৰাই নহয় বৰং অবৈধ ব্যৱসায় আৰু কলা ধন বৈধকৰণ ৰোধ কৰি আৰু বিত্তীয় অনুশাসন বৰ্তাই ৰাখি ব্যৱসায় সুচল কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শ্ৰীবিৰলাই কয়, যে ডিজিটেল কৰ ব্যৱস্থা, কৃত্রিম বুদ্ধিমত্তা আধাৰিত মূল্যায়ন আৰু তথ্য বিশ্লেষণৰ দৰে আধুনিক আহিলাসমূহে কৰ আৰোপন ব্যৱস্থাটো অধিক স্বচ্ছ আৰু নিকা কৰি তুলিছে। বিভিন্ন কেন্দ্ৰীয় আৰু সৰ্বভাৰতীয় সেৱাত মহিলা বিষয়াৰ বৰ্ধিত সংখ্যাক লৈ সন্তুষ্টি প্ৰকাশ কৰি অধ্যক্ষগৰাকীয়ে কয়, যে ই দেশৰ বিকাশ আৰু আশা-আকাংক্ষাক প্ৰতিফলিত কৰে।
Assamese | November 28, 2025 12:20 PM | Om Birla
ভাৰতীয় ৰাজহ সেৱাৰ ৭৬ সংখ্যক বেটছৰ প্ৰশিক্ষাৰ্থী বিষয়াক উদ্দেশ্যি লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ভাষণ